নিয়মীয়া বাৰ্তা,৩০ মাৰ্চঃ দেশজুৰি লক ডাউন। অসমতো লক ডাউনৰ ব্য়াপক প্ৰভাৱ। ক’ৰণা ভাইৰাছৰ শৃংখল ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে লক ডাউন। দেশত বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা। প্ৰতি মিনিটত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা।
কিন্তু এইখিনিতে অসমবাসীৰ বাবে এটা ভাল খবৰ। অসমত এজনো লোক এই পৰ্যন্ত ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা নাই এজনো লোক। ইতিমধ্যে ৪৩০টা তেজৰ নমুনা পৰীক্ষা কৰা হৈছে যদিও এটাও নমুনা প’জিটিভ ওলোৱা নাই। যদিহে অসমলৈ এই ভাইৰাছ সংক্ৰমণ হয় তেন্তে যুদ্ধংদেহী প্ৰস্তুতিৰে ৰোধ কৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ।