অসমীয়া–খিলঞ্জীয়া মাতৃভাষা সুৰক্ষাৰ বাবে ভাষা প্রয়োগ উপদেষ্টা সমিতি গঠনৰ দাবী
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ অসমত অসমীয়াক প্রধান ভাষা হিচাপে মর্যাদা দিয়াৰ উপৰি অন্যান্য আঞ্চলিক আৰু খিলঞ্জীয়া ভাষাৰ যথাযথ সুৰক্ষা, বিকাশ আৰু অসমৰ চৰকাৰী ভাষাৰ প্রয়োগৰ ক্ষেত্রত আনুষংগিক বিধান–নীতি প্রস্তুতৰ বাবে ভাষা প্রয়োগ উপদেষ্টা সমিতি গঠনৰ দাবী জনাইছে৷ এই সমিতিখনে ভাষা প্রয়োগৰ ক্ষেত্রত মুখ্যমন্ত্রীক প্রয়োজনীয় পৰামর্শ প্রদান কৰাৰ লগতে ভাষাসমূহৰ প্রয়োগত তীক্ষ্ণ দৃষ্টি ৰাখিব৷ এই দাবীৰে অসম সাহিত্য সভাৰ শেহতীয়া শুৱালকুছি অধিৱেশনৰ প্রতিনিধি সভাত গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰা হয়৷ সোমবাৰে এখন সংবাদ মেলত প্রস্তাৱসমূহ সদৰী কৰি সভাৰ সদ্যপ্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে অসমৰ সকলো জিলাতে অসমীয়াক প্রধান ভাষা হিচাপে মর্যাদা দিবৰ বাবে সংবিধান সংশোধনৰ প্রয়োজন আছে৷ বড়ো প্রমুখ্যে অন্যান্য আঞ্চলিক ভাষাৰ লগতে অসমৰ ৮টা জনজাতীয় ভাষাৰ বিকাশৰ বাবেও আৱশ্যকীয় বিহিত ব্যৱস্থা গ্রহণ কৰা উচিত৷ ভাষা আইন উলংঘাকাৰীক কঠোৰ শাস্তিৰ পোষকতা কৰি তেওঁ লগতে কয় যে অসম চৰকাৰৰ ৰাজ্যভাষা আইন, ১৯৬০ৰ অধীনত ৰাজ্যভাষা অসমীয়া চৰকাৰী কার্যালয় আৰু অন্যান্য প্রশাসনীয় কামত ব্যৱহাৰৰ বাবে অসম সাহিত্য সভাই দীর্ঘদিন ধৰি দাবী জনাই আহিছে৷ তাৰ পাছতো ৰাজ্যভাষা ব্যৱহাৰৰ প্রতি চৰকাৰৰ অনীহা অতিশয় উদ্বেগজনক৷ সেয়ে অসম সাহিত্য সভাই প্রস্তাৱ গ্রহণ কৰিছে যে অসমীয়া ভাষা ব্যৱহাৰ নকৰা বিষয়া–কর্মচাৰীক চিনাক্ত কৰি চৰকাৰীভাৱে শাস্তিমূলক ব্যৱস্থা লোৱা হওক৷ কর্মচাৰীৰ পদোন্নতিৰ ক্ষেত্রত ৰাজ্যভাষা অসমীয়া ব্যৱহাৰ কৰাটো প্রাথমিক চর্ত হিচাপে বিবেচনা কৰাৰ লগতে ৰাজ্যভাষা ব্যৱহাৰ নকৰা কর্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল’ব লাগে৷ তদুপৰি শেহতীয়াকৈ ৰাজ্য চৰকাৰে চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়তে দশম শ্রেণীলৈকে অসমীয়া ভাষা বাধ্যতামূলক বিষয় হিচাপে অন্তর্ভুক্ত কৰিবলৈ দিয়া নির্দেশক অসম সাহিত্য সভাই আদৰণি জনাইছে৷ আনহাতে, ‘কা’ৰ বিৰুদ্ধে অসম সাহিত্য সভাৰ পূর্বৰ স্থিতি অক্ষুণ্ণ থাকিব বুলি ঘোষণা কৰি অসম সাহিত্য সভাৰ বিদায়ী সভাপতিগৰাকীয়ে পুনৰ কয় যে কেন্দ্রীয় চৰকাৰে প্রৱর্তন কৰা নাগৰিকত্ব সংশোধনী আইনে অসমত অসমীয়া ভাষা সংখ্যালঘু হোৱাৰ আশংকা সৃষ্টি কৰিছে৷ লগতে সংবিধানৰ পৱিত্রতাৰ ওপৰত আঘাত হানিছে৷ ২০১৬ চনৰ পৰা কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা এই প্রচেষ্টাৰ বিৰুদ্ধে অসম সাহিত্য সভাই ২০১৮ চনৰ ২৭ মে’ত জাতীয় অভিৱর্তন অনুষ্ঠিত কৰি প্রস্তাৱ গ্রহণ কৰিছে৷ এই স্থিতি আগলৈও অক্ষুণ্ণ থাকিব আৰু উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায়দান নকৰাপর্যন্ত নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে সজাগতা, সভা–সমিতি পতাৰ বাবে জিলা আৰু শাখা সাহিত্য সভাসমূহক দায়িত্ব দিছে৷ ইয়াৰ লগতে বড়ো শান্তি চুক্তিৰ দৰে আলফা (স্বা)ৰ লগতো ফলপ্রসূ আলোচনা অনুষ্ঠিত কৰা, বন্ধ কাগজ কলসমূহ পুনৰুজ্জীৱিত কৰা, বান–গৰাখহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে স্বীকৃতি দিয়াকে ধৰি আন বিভিন্ন দাবীৰ সমর্থনত সাহিত্য সভাৰ প্রতিনিধি সভাত প্রস্তাৱ গ্রহণ কৰা হয়৷ আজিৰ সংবাদ মেলত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে পুনৰ সদৰী কৰে যে ফেব্রুৱাৰী মাহৰ শেষ আৰু মার্চৰ প্রথম সপ্তাহত লাওচত বিশ্ব অসমীয়া সমাৰোহ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও চীনত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ লোৱাৰ প্রতি লক্ষ্য ৰাখি সন্মিলনখন পিছুৱাই দিয়া হৈছে৷ অহা ৰঙালী বিহুৰ পাছত এই সন্মিলন অনুষ্ঠিত হ’ব৷ তদুপৰি এপ্রিল মাহৰ প্রথম সপ্তাহতে সাহিত্য সভাৰ বিদায়ী কার্যনির্বাহক সমিতিয়ে নতুন সমিতিক দায়িত্বভাৰ অর্পণ কৰিব৷