নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ক’ৰোনা UPDATE, সংবাদকৰ্মীসকলৰ COVID-19ৰ পৰীক্ষা

ক’ৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ বিগত এসপ্তাহত অসমত কোনো ক’ৰোনাত আক্ৰান্ত হোৱা নাই এয়া অসমবাসীৰ বাবে এটা ভাল খবৰ। ৩৪গৰাকী ৰোগীৰ ভিতৰত ১৯গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ যাবলৈ অনুমতি লাভ কৰিছে। এজন ৰোগীৰ মৃত্যু হৈছে আৰু বৰ্তমান ১৪জন ৰোগী হাস্পতালত চিকিৎসাধীন হৈ আছে। অসমত ক’ৰোনাত মৃত্যুৰ হাৰ ২.৯৪ শতাংশ,দেশত মৃত্যুৰ হাৰ ৩.২শতাংশ, বিশ্বত মৃত্যুৰ হাৰ ৬.৯৩ শতাংশ। এই মুহূৰ্তলৈ ৫,৭৮৯গৰাকী লোকক পৰীক্ষা কৰা হৈছে আৰু ২১৪টা ফলাফল এতিয়াও পাবলৈ বাকী আছে।

আনহাতে সদাব্যস্ত সাংবাদিকসকলে প্ৰতিক্ষণত COVID-19ৰ বাতৰি পৰিবেশন কৰি আহিছে। গতিকে সংবাদকৰ্মীসকলে ইচ্ছা কৰিলে ক’ভিড-১৯ৰ পৰীক্ষা কৰিব পাৰিব। যিসকল সংবাদকৰ্মীয়ে ক’ভিড-১৯ৰ পৰীক্ষা কৰিব বিচাৰে তেওঁলোকক ২৫এপ্ৰিলত পুৱা ৯বজাত GMCHত উপস্থিত হ’বলৈ আহ্বান জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like