অসমৰ চিকিৎসকসকলক ভয় খুৱাই ৰাজনীতি নকৰিবলৈ আহ্বান
আহ্বান জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ চীনৰ পৰা অসমলৈ অনা PPE কিটক লৈ বহুজনে সমালোচনাত লিপ্ত হৈছে। সন্দেহৰ আঙুলি টোৱাইছে স্বাস্থ্য বিভাগলৈ। এই অভিযোগ-প্ৰতি অভিযোগ খণ্ডন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ঘটনাৰ বহু দূৰলৈ নোযোৱাকৈ এনে বাতৰি প্ৰচাৰ কৰিব নালাগে। ভাৰতত ক’ভিডক লৈ যিমান সঁজুলি আহিছে সকলো চীনৰ পৰাই আহিছে। কোনো ঠাইত বেয়া হ’ল বুলিয়েই ইমান বিতৰ্ক কৰা অৰ্থহীন। আমাৰ চিকিৎসকসকল এই PPE কিটক লৈ সন্তুষ্ট। ক’ৰবাত ৫০হাজাৰ কিট বেয়া হ’ল বুলি অসমক সাঙোৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰাৰ লগতে তেওঁ কয় অসমৰ ডাক্টৰসকলক ভয় খুৱাই কোনোৱে যদি ৰাজনীতি কৰিব বিচাৰিছে, মুনাফা ল’ব বিচাৰিছে তাত আমাৰ কৰিবলগীয়া একো নাই।