অসমৰ দুগৰাকী ক’ৰোনা আক্ৰান্ত সম্পূৰ্ণ ৰূপে সুস্থ চিকিৎসালয়ৰ পৰা মুক্তি
নিয়মীয়া বাৰ্তা ১৫ এপ্ৰিলঃ আজি অসমৰ দুজন ক’ৰোনা আক্ৰান্তক সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। তেওঁলোক দুজন হৈছে মৰিগাঁও জিলাৰ জোনাব আলী(৪৬) আৰু নুৰুদ্দিন আলি (৫৫)। অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেলত এই কথা জানিবলৈ দিছে। মন্ত্ৰী গৰাকীয়ে কয় যে দুয়োজন ব্যক্তিয়ে ক’ৰোনাৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। তেওঁলোকৰ পৰা কোনো ব্যক্তিলৈ সংক্ৰমণ হ’ব বুলি ভয় খাব নালাগে। তেওঁ লোক দুয়োজনকে যোৱা ১৩ আৰু ১৪ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰি দুয়োৰে ফলাফল নিগেটিভ পোৱা গৈছে। দুয়োজনক অহা ১৪ দিনৰ বাবে জাগীৰোড কাগজ কলৰ অতিথিশালাত থাকিবলৈ কোৱা হৈছে। তেওঁলোকক এতিয়া অন্যলোকে লগ ধৰিব পাৰিব। লগতে অহা ২০ এপ্ৰিলৰ ভিতৰত আৰু কেইবাজনো আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুকলি দিব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰি সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠা দুয়োজন লোকে চৰকাৰে প্ৰদান কৰা সা-সুবিধাৰ বাবে ভূয়সী প্ৰশংসা কৰে।