নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ পৰা কিয় প্রত্যাহাৰ কৰা হ’ল আইএলপি ?-কেন্দ্রক ছুপ্রিম ক’টৰ প্রশ্ন

নিয়মীয়া বার্তা, ৪ জুনঃ  অসমৰ পৰা ইনাৰলাইন পার্মিটৰ (আইএলপি) ব্যৱস্থা প্রত্যাহাৰক লৈ বুধবাৰে কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ কেন্দ্রৰ ওচৰত ন্যায়ালয়ৰ পোনপটীয়া প্রশ্ন– ব্রিটিছ যুগত প্রৱর্তিত আইএলপি অসমৰ পৰা কিয় প্রত্যাহাৰ কৰা হ’ল? এখন ৰাজ্যত আইএলপি থকাৰ বাবে ৰাজ্যখনৰ কি কি বৈশিষ্ট্য থকাটো বাঞ্ছনীয়? সদৌ তাই আহোম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ দুটা সুকীয়া গোচৰৰ ভিডিঅ’ কনফাৰেঞ্চযোগে শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ হূষীকেশ ৰয়েৰে গঠিত খণ্ড বিচাৰপীঠে কেন্দ্রীয় চৰকাৰলৈ এই জাননী জাৰি কৰে৷

অহা দুই সপ্তাহৰ ভিতৰত কেন্দ্রক এই সন্দর্ভত ন্যায়ালয়ৰ মজিয়াত শপতনামাযোগে উত্তৰ দিব লাগিব৷

উল্লেখ্য যে ব্রিটিছ আমোলত বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনৰ অধীনত অসমত আই এল পিৰ ব্যৱস্থা থকা সত্ত্বেও কেন্দ্রৰ বিজেপি চৰকাৰে বিতর্কিত নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ প্রাক্মুহূর্তত অসমৰ পৰা আই এল পিৰ ব্যৱস্থা ৰাজপত্রিত জাননীযোগে যোৱা বছৰৰ ১১ ডিচেম্বৰত প্রত্যাহাৰ কৰিছিল৷ কেন্দ্রৰ এই হঠকাৰী সিদ্ধান্তক প্রত্যাহ্বান জনাই চলিত বছৰত তাই আহোম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে সুকীয়াকৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ২৮ ফেব্রুৱাৰীত আবেদন দুখন আনুষ্ঠানিকভাৱে গ্রহণ কৰিছিল ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ বিচাৰপীঠে৷

ইপিনে, দুয়ো পক্ষৰ হৈ ভিডি’ কনফাৰেঞ্চযোগে যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে ন্যায়ালয়ে এই সন্দর্ভত ৰায়দান নকৰালৈকে অসমৰ পৰা আইএলপি প্রত্যাহাৰৰ বাবে কেন্দ্রীয় চৰকাৰে জাৰি কৰা ৰাজপত্রিত জাননীত স্থগিতাদেশ জাৰি কৰাৰ আবেদন জনায়৷ পিছে সমগ্র বিষয়টোৰ সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ মতামত নজনাকৈ একপক্ষীয়ভাৱে কোনোধৰণৰ নির্দেশ দিয়াৰ পৰা বিৰত থাকে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠ আৰু কেন্দ্রলৈ কেইবাটাও প্রশ্নৰে জাননী জাৰি কৰে৷ কেন্দ্রই শপতনামা দাখিলৰ পিছত ৬ জুলাইত ন্যায়ালয়ে পৰৱর্তী শুনানি গ্রহণ কৰিব৷

মন কৰিবলগীয়া যে অসমত ইনাৰলাইন পার্মিটৰ ব্যৱস্থা থাকিলে নাগৰিকত্ব সংশোধনী আইন ৰাজ্যখনত প্রযোজ্য নহ’ব৷ কাৰণ আইনখন বলৱৎ হোৱাৰ পৰা আইএলপি থকা ৰাজ্যসমূহক আঁতৰাই ৰখা হৈছে৷

You might also like