অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্রপতি কোৱিন্দে
নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়৷ বার্তালাপৰ সময়ত ৰাষ্ট্রপতি কৱিন্দে অসমৰ এই দুর্যোগৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে সহমর্মিতা প্রকাশ কৰাৰ উপৰি এই জটিল পৰিস্থিতিৰ অচিৰেই অৱসান হ’ব বুলি আশা প্রকাশ কৰে৷ এই জটিল সন্ধিক্ষণত সমগ্র ৰাষ্ট্র অসমৰ জনসাধাৰণৰ সৈতে আছে বুলিও ৰাষ্ট্রপতিগৰাকীয়ে মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে ৰাষ্ট্রপতিগৰাকীক কয় যে অসমে সম্প্রতি বান, গৰাখহনীয়া, ক’ভিড–১৯ৰ সংক্রমণ, ধুমুহা, ভূমিস্খলন, আফ্রিকান ছোৱাইন ফিভাৰ তথা তিনিচুকীয়া জিলাৰ বাঘজানৰ গেছকূপত সংঘটিত অগ্ণিকাণ্ডৰ দৰে বহুকেইটা দুর্যোগৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে৷
সাম্প্রতিক বানত বিস্তীর্ণ এলেকাৰ কৃষিভূমি বেয়াকৈ বিনষ্ট হোৱাৰ লগতে ঘৰ–বাৰীৰ দৰে সা–সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে৷ চৰকাৰী প্রশাসন যন্ত্রক ইতিমধ্যে জৰুৰীভাৱে সতর্ক কৰা হৈছে৷ জিলা প্রশাসনসমূহক বানপীড়িত জনসাধাৰণক আশ্রয় প্রদান কৰাৰ উপৰি শিশু তথা বৃদ্ধৰ বাবে পর্যাপ্ত পদক্ষেপ লৈছে৷ তদুপৰি তেওঁ নিজেও বানপানীৰ ক্ষয়–ক্ষতি তথা উদ্ধাৰ আৰু সাহায্যৰ চৰজমিন নিৰীক্ষণৰ বাবে কেইবাখনো বান অধ্যুষিত অঞ্চল পৰিদর্শন কৰিছে বুলি কয়৷ মুখ্যমন্ত্রী সোণোৱালে ৰাষ্ট্রপতিগৰাকীয়ে এই দুর্যোগৰ সময়ত অসমৰ জনসাধাৰণৰ খবৰ লোৱাৰ বাবে জনসাধাৰণৰ হৈ বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰি তেওঁৰ পৰা আশীর্বাদ বিচাৰে৷ ইপিনে, ৰেডক্রছ ছ’চাইটীয়ে অসমৰ বানপীড়িতৰ বাবে আগবঢ়োৱা সাহায্য সামগ্রীৰ যান–বাহনসমূহ ৰাষ্ট্রপতিগৰাকীয়ে ফ্লেগ অফ কৰে৷