নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ অসমৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। চৰকাৰে মুকলি কৰিব এটা বেৱছাইট। বেৱছাইটৰ যোগে চৰকাৰে কৰা সমীক্ষাৰ জৰিয়তে গম পাব কিমান লোক বাহিৰত আৱদ্ধ হৈ আছে। দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকলৰ বাবে প্ৰশংসনীয় পদক্ষেপ চৰকাৰৰ। ৰাজ্য চৰকাৰৰ বেৱছাইটত উপলব্ধ হোৱা প-পত্ৰ পূৰণ কৰিব লাগিব আৱদ্ধ হৈ থকা লোকসকলে। প-পত্ৰত থাকিব নিজৰ নাম আৰু বেংকৰ একাউণ্টৰ নম্বৰ। আনহাতে যিসকল লোকে ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই সেইসকলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে গুৱাহাটী বিশ্ববিদ্যালয়, আছাম ইঞ্জিনীয়াৰিং কলেজ, কটন বিশ্ববিদ্যালয় আৰু পিৰামল ফাউণ্ডেছনৰ ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকে এজন এজনলৈ ফোন কৰিব এনে লোকসকলক। তেওঁলোকে মিছকল দিবলৈ মুকলি কৰা হৈছে এটা নম্বৰ। HELPLINE নম্বৰটো হৈছে 96-1547-1547। বাহিৰত থকা লোকসকল অসমলৈ আহিলেও নিৰীক্ষণত থাকিব প্ৰতিজন লোক ।
Prev Post
Next Post
You might also like