নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ সাহিত্য ক্ষেত্রখনৰ বাবে গৌৰৱৰ দিন

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ অসমৰ বৌদ্ধিক জগতৰ ভোটাতৰা আমাৰ সকলোৰে আদৰৰ আৰু সন্মানৰ শ্রদ্ধাৰ নীলমণি ফুকনলৈ আজি জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে৷ এয়া আমাৰ জাতিৰ বাবে অত্যন্ত আনন্দৰ বিষয়৷ আমাৰ বাবে গৌৰৱৰ বিষয়৷ মই অসমবাসী ৰাইজৰ হৈ আৰু অসম চৰকাৰৰ হৈ নীলমণি ফুকনক অভিনন্দন জনাইছোঁ আৰু তেখেতৰ এই সাফল্যৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ৷ পৰমপিতাৰ ওচৰত তেখেতৰ দীর্ঘায়ু জীৱনৰ কামনা কৰিছোঁ৷ ইয়াৰ পূর্বে ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্য আৰু মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল৷ নীলমণি ফুকনে জ্ঞানপীঠ বঁটা পোৱাৰ লগে লগে তেখেত তৃতীয়গৰাকী অসমীয়া হ’ব৷ ইয়াৰ আগতেও ১৯৮১ চনত নীলমণি ফুকনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ ১৯৯০ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্রী বঁটা আগবঢ়াইছিল৷ তেখেতে ২০০২ চনত সাহিত্য অকাডেমিৰ সর্বোচ্চ বঁটা সাহিত্য অকাডেমি ফেল’শ্বিপ লাভ কৰিছিল আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ে তেখেতক সন্মানীয় ডি লিট উপাধিৰে বিভূষিত কৰিছিল৷ নীলমণি ফুকন ডাঙৰীয়া তেওঁৰ কবিতা তেওঁৰ লেখনি আৰু তেওঁ ব্যৱহাৰ কৰা ‘ছিম্বলিজিম’ৰ কাৰণে তেওঁৰ প্রত্যেকটো লেখনি জনসাধাৰণৰ হূদয়ৰ মাজত স্থান পাইছে৷ মই আশা কৰোঁ যে এই গৌৰৱৰ মুহূর্তত আমি সকলোৱে নীলমণি ফুকনৰ দীর্ঘায়ু কামনা কৰিম, যাতে ভগৱানে তেখেতক আৰু শক্তি দিয়ে অসমৰ বৌদ্ধিক আকাশখনলৈ, জাতীয় জীৱনলৈ আৰু যেন তেওঁ সাগৰৰ সমান বৰঙণি আগবঢ়াই যাব পাৰে৷

You might also like