অসমৰ ২.২ শতাংশ লোকৰ ঘৰতহে নলীৰে খোৱাপানী যোগান
নিয়মীয়া বাৰ্তা, ১১জুনঃ অসমত জল জীৱন মিছন ৰূপায়ণত ব্যর্থতাৰ বাবে ক’ৰোনা মহামাৰী, পলমকৈ দিয়া নির্দেশনাৰ ব্যাখ্যা দাঙি ধৰা আৰু পুঁজি ব্যয়ৰ ক্ষেত্রত নীতিৰ পৰিৱর্তনকে জগৰীয়া কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কেন্দ্রীয় আঁচনিখনৰ বাবে দিয়া পুঁজি ব্যয় কৰিব নোৱাৰা সম্পর্কত জলশক্তি মন্ত্রীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ পত্রযোগে অভিযোগ কৰাৰ প্রসংগত মন্ত্রী দৈমাৰীয়ে কয় যে দেশৰ প্রত্যেকজন নাগৰিকৰ বাবে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য আগত ৰাখি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱাবছৰ স্বাধীনতা দিৱসৰ ভাষণত জল জীৱন মিছন গঠনৰ কথা সদৰী কৰে৷ যি মিছনৰ অধীনত প্রতিটো পৰিয়াললৈ পাইপৰ দ্বাৰা ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য স্থিৰ কৰে৷ ইয়াৰ পাছত যোৱা ২৫ ডিচেম্বৰত জলশক্তি মন্ত্রালয়ে জল জীৱন মিছন ৰূপায়ণৰ বিশদ দিশ নির্দেশনা (গাইডলাইন) প্রকাশ কৰি উলিয়ায়৷
তাৰ পাছত ২০২০ চনৰ ১৮ জানুৱাৰীত জলশক্তি মন্ত্রালয়ৰ বিষয়া গুৱাহাটীত উপস্থিত হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো কার্যবাহী অভিযন্তা, মুখ্য অভিযন্তাকে ধৰি সকলো বিষয়াৰে এখন কর্মশালা অনুষ্ঠিত কৰে৷ প্রকৃতার্থত সেইদিনাৰ পৰাহে অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ জল জীৱন মিছনৰ সৈতে জড়িত হৈ পৰে৷ ২০১৯–২০ বর্ষ জল জীৱন আঁচনিৰ প্রাৰম্ভিক বর্ষ হিচাপে জলশক্তি মন্ত্রালয়ে প্রতিখন ৰাজ্যৰ ২০ শতাংশ মানুহৰ ঘৰত নলীৰ দ্বাৰা খোৱাপানী যোগান নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে আৰু অসমত ১১.৫৮ লাখ পৰিয়ালক পানীৰ সংযোগ দিয়াৰ লক্ষ্য স্থিৰ কৰি দিয়ে৷
কিন্তু সময়ৰ সীমাবদ্ধতা আৰু এশ শতাংশই পানী যোগান দিবলৈ সমর্থ পানী যোগান আঁচনি পর্যাপ্ত নোহোৱাৰ বাবে অসমৰ বাবে সেয়া সম্ভৱপৰ নহ’ল৷ তদুপৰি মার্চ মাহৰ মাজভাগৰ পৰাই ক’ৰোনা মহামাৰীৰ বাবে সকলো কাম–কাজ বিপর্যস্ত হোৱাত ৰাজ্যখনে নির্ধাৰিত লক্ষ্যত উপনীত হ’ব নোৱাৰিলে৷ তথাপি ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে প্রতিকূল পৰিৱেশৰ মাজতো মিছনৰ কাম–কাজ অব্যাহত ৰাখি যোৱা ফেব্রুৱাৰী মাহত ১০,৪১৮টা আৰু মার্চ মাহত ২৮,৭৪০টা মুঠ ৪৮,৯০৮টা পানী যোগানৰ ঘৰুৱা সংযোগ স্থাপন কৰে৷ আনহাতে, পুঁজি ব্যয়ৰ ব্যর্থতাৰ প্রসংগত মন্ত্রী দৈমাৰীয়ে কয় যে ২০১৯–২০ বিত্তীয় বর্ষৰ ৬৪.৬৯ কোটি টকাৰ আৰম্ভণিৰে যোৱা ৬ নৱেম্বৰলৈ প্রথম কিস্তিৰ ধন হিচাপে অসমে ২৮৯.৩২ কোটি টকা লাভ কৰে যদিও চলিত বর্ষৰ ১০ জানুৱাৰীতহে সেই ধন বিভাগলৈ হস্তান্তৰ হয় আৰু বছৰটোৰ শেষলৈকে সর্বমুঠ ৩০৮.৮০ কোটি টকা মোকলাই দিয়ে৷
নীতি অনুসৰি উপলব্ধ উক্ত ধনৰ ৬০ শতাংশ খৰচৰ অন্তত যোৱা ১৯ ফেব্রুৱাৰীত বিভাগে দ্বিতীয় কিস্তিৰ ধনৰ বাবে আর্জি দাখিল কৰে যদিও যোৱা ১৯ মার্চতহে দ্বিতীয় কিস্তিৰ ১০৩.০৩ কোটি টকা মুকলি কৰি দিছে৷ কিন্তু জল জীৱন মিছনৰ অধীনত চলিত বিত্তীয় বর্ষৰ পৰা চৰকাৰী ধন খৰচ কৰা প্রক্রিয়াৰ আমূল পৰিৱর্তন সাধন কৰি কেৱল মাত্র এটা বেংক একাউণ্টত ৰাখি পাব্লিক ফাইনেঞ্চ মেনেজমেণ্ট ছিষ্টেম (পি এফ এম এছ)ৰ জৰিয়তে ধন মোকলাই দিয়াৰ ব্যৱস্থা কৰে৷ তাৰ বাবেই সেই ধন খৰচ কৰিব পৰা হোৱা নাই৷ সেইদৰে আর্ছেনিক, ফ্ল’ৰাইডযুক্ত অঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে স্থাপন কৰা ৰাষ্ট্রীয় খোৱাপানীৰ গুণাগুণ সম্পর্কীয় উপ–মিছন (এন ডব্লিউ কিউ এছ এম) শিতানত যোৱা বিত্তীয় বর্ষৰ আৰম্ভণিতে উপলব্ধ ধনৰ পৰিমাণ আছিল ২৮৮.৩৪ কোটি টকা৷ যোৱা বিত্তীয় বর্ষত বিভাগটোৱে ২০.৭৮ কোটি টকা খৰচ কৰিবলৈ সক্ষম হয়৷ অতিৰিক্ত ৪৬.৩৭ কোটি টকাৰ বিল দাখিল হৈছিল যদিও যোৱা বিত্তীয় বর্ষত সেই ধন মোকলাই দিয়া সম্ভৱ নহ’ল৷
অৱশ্যে লকডাউন শিথিল কৰি দিয়াৰ লগে লগেই চলিত বিত্তীয় বর্ষত ৪০.৭৫ কোটি টকা মুকলি কৰি দিয়া হৈছে, যাতে ঠিকাদাৰসকলে আঁচনিখনৰ কাম–কাজৰ গতি ত্বৰান্বিত কৰিব পাৰে৷ সংবাদ মেলখনত মন্ত্রী দৈমাৰীয়ে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে মাত্র ২.২ শতাংশ লোকৰ ঘৰতহে নলীৰ দ্বাৰা খোৱাপানী যোগানৰ সুযোগ দিবলৈ সমর্থ হোৱাৰ ব্যর্থতাৰ ছবিখন দাঙি ধৰি কয় যে ভাৰত চৰকাৰৰ খোৱাপানী যোগান মন্ত্রালয়ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি অসমৰ ৫৭.৯৩ লাখ পৰিয়ালৰ ভিতৰত যোৱা ৩১ মার্চ পর্যন্ত ১.২৭ লাখ ঘৰতহে নলীৰ দ্বাৰা খোৱাপানী যোগানৰ সংযোগ দিয়া হৈছে৷ অৱশ্যে পূর্বৰ আঁচনিত গৃহ সংযোগৰ ব্যৱস্থা নাছিল৷ শতকৰা হিচাপত ইয়াৰ হাৰ মাত্র ২.২৷ মন্ত্রালয়ৰ ৱেবছাইটৰ তথ্য উন্নীতকৰণ প্রক্রিয়াৰ অন্তত চলিত বিত্তীয় বর্ষত অসমৰ মুঠ বাসস্থানৰ সংখ্যা ৬৩,৩৫,৩১৫টা হয়গৈ৷
ইতিমধ্যে যিহেতু ১,৬০,১৩৭টা পৰিয়ালৰ সংযোগ দিয়া হৈছে, সেই অনুসৰি ২০২৪ চনলৈকে ৬১,৭৫,১৭২টা পৰিয়ালত সংযোগ দিব লাগিব৷ চলিত বিত্তীয় বর্ষত ১৩,১৫,২৫৬টা পৰিয়ালত খোৱাপানীৰ গৃহ সংযোগ দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এই সম্পর্কত বার্ষিক কার্য আঁচনি প্রস্তুত কৰি মন্ত্রালয়ত দাখিল কৰাৰ অন্তত যোৱা ২২ মে’ত ভিডি’ কনফাৰেঞ্চৰ মাধ্যমেৰে অনুমোদনৰ বাবে আলোচনা অনুষ্ঠিত হয়৷ মন্ত্রালয়ে কোটি টকাৰ কেন্দ্রীয় অনুদানত অনুমোদন জনায়৷ সংবাদ মেলখনত তেওঁ আৰু কয় যে লকডাউনৰ বাবে সম্প্রতি বিভাগে কাম–কাজ সম্পাদন কৰাত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে৷ লকডাউনৰ পৰিপ্রেক্ষিতত দক্ষ শ্রমিকসকল ঘৰলৈ গৈ উভতি নহাৰ বাবেই সমস্যাৰ উদ্ভৱ হৈছে৷ ইয়াৰ জোৰা মাৰিবলৈ সমাজৰ স্বল্পশিক্ষিত নিবনুৱা যুৱক–যুৱতীক জল জীৱন মিছনৰৰ অধীনত জীৱিকাৰ পথ মুকলি কৰিবৰ বাবে পকী মিস্ত্রী, প্লাম্বাৰ, ফিটাৰ, বৈদ্যুতিক আদি বিষয়ত হ্রস্বম্যাদী প্রশিক্ষণ দিয়া হ’ব৷
চলিত বর্ষত ২.০৮ কোটি টকা ব্যয়সাপেক্ষে ৭২৬জন নিবনুৱাক তেনে প্রশিক্ষণ দিয়া হ’ব৷ সেইদৰে খালী হৈ থকা সহকাৰী অভিযন্তা, কনিষ্ঠ অভিযন্তাৰ পদসমূহ পূৰণৰ ক্ষেত্রত অসম লোকসেৱা আয়োগক প্রার্থী বাছনি কৰিবলৈ কোৱা হৈছে৷ একেদৰে জল জীৱন মিছনৰ কাম–কাজ চলাবলৈ প্রয়োজন হোৱা অতিৰিক্ত সহকাৰী অভিযন্তা ঠিকাভিত্তিক নিয়োগৰ ব্যৱস্থা কৰা হ’ব৷ ঠিকাভিত্তিক নিয়োগ কৰিবলগীয়া অতিৰিক্ত সহকাৰী অভিযন্তাৰ প্রার্থী বাছনিৰ দায়িত্ব তেজপুৰ বিশ্ববিদ্যালয়, বিজ্ঞান আৰু প্রযুক্তি বিশ্ববিদ্যালয়ক দিয়া হৈছে