অসমৰ ৫গৰাকীলৈ ক’ৰোনা সংক্ৰমিত কৰা লোকজন কোন?
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ নিজামুদ্দিনৰ পৰা অহা এজন লোকৰ পৰা ক’ৰোনা সংক্ৰমিত হ’ল ৰাজ্যৰ ৫জন লোকলৈ। ফলত ৩৭জনলৈ বৃদ্ধি পালে অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা। বঙাইগাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী ক’ৰণাত আক্ৰন্ত হোৱাৰ পিছতেই পোহৰলৈ আহিছে ন ন তথ্য।
নিজামুদ্দিনৰ পৰা অহা ধুবুৰীৰ জামালুদ্দিন হাজী নামৰ লোকজন নাতিনী এই কিশোৰীগৰাকী। যোৱা ৭ এপ্ৰিলত COVID-19ত পজিটিভ পোৱা গৈছিল জামালুদ্দিন হাজীৰ। আৰু এই লোকজনৰ পৰাই ৰাজ্যৰ ৫জন লোকলৈ সংক্ৰমিত হ’ল COVID-19। নিজামুদ্দিনৰ পৰা আহি ধুবুৰীলৈ গৈছিল লোকজন। কিন্তু যোৱা ১২ মাৰ্চত মহানগৰীৰ আঠগাঁও কবৰস্থানৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল COVID-19ত আক্ৰান্ত জামালুদ্দিনে।
আঠগাঁও কৱৰস্থানত জামালুদ্দিনৰ সংস্পৰ্শলৈ আহি COVID-19ত আক্ৰান্ত হ’ল ৫জনকৈ লোক। আক্ৰান্ত লোককেইজন ক্ৰমে মতিউৰ ৰহমান, হজৰত আলী, ৰহিমুদ্দিন আৰু ৰহিমুদ্দিনৰ পত্নী আৰু আজি COVID-19ত পজিটিভ পোৱা কিশোৰীগৰাকী অৰ্থাৎ জামালুদ্দিনৰ নাতিনী। কোৱাৰেণ্টাইনত থকা ১৯দিনৰ অন্তত COVID-19ত আক্ৰান্ত হ’ল কিশোৰীগৰাকী। নিজামুদ্দিন মাৰ্কাজলৈ নোযোৱাকৈয়ে COVID-19ত আক্ৰান্ত হ’ল ৫গৰাকী লোক।