অসম আৰক্ষীত ২২০ বিষয়া–জোৱান ক’ভিড–১৯ত আক্রান্ত
নিয়মীয়া বাৰ্তা, ৭ জুলাই: মাৰাত্মক ক’ৰোনা ভাইৰাছত (ক’ভিড–১৯) আক্রান্ত লোকৰ সংখ্যা দৈনিক দ্রুতগতিত বৃদ্ধি পোৱাৰ লগে লগে পৰিস্থিতিয়ে কার্যতঃ জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যত৷ প্রতিদিনে প্রাণঘাতী ভাইৰাছত অসম আৰক্ষীৰ বিষয়া–জোৱানো আক্রান্ত হ’ব ধৰিছে৷ ক’ৰোনাবিৰোধী যুঁজৰ প্রথম শাৰীৰ অন্যতম যোদ্ধা অসম আৰক্ষীৰ বিষয়া–জোৱান মাৰাত্মক ভাইৰাছবিধত আক্রান্ত হোৱা ঘটনাই স্বাভাৱিকতে বিভাগটোৰ ভিতৰচ’ৰাত আতংকৰ সৃষ্টি কৰিছে৷
সোমবাৰে গুৱাহাটীত এখন সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই সদৰী কৰা তথ্য মতে, কালিৰ দিনটোলৈকে মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে অসম আৰক্ষীৰ ২২০গৰাকীকৈ বিষয়া–জোৱান৷
আনহাতে, কোৱাৰেণ্টাইনত আছে আৰক্ষীৰ ৯৩২গৰাকী বিষয়া আৰু জোৱান৷ সেইদৰে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত ৪৯গৰাকী আৰক্ষীৰ লোক হাস্পতালৰ পৰা ইতিমধ্যে সুস্থ হৈ বর্তমান হোম কোৱাৰেণ্টাইনত আছে৷
অসম আৰক্ষীৰ ক’ভিড–১৯ত আক্রান্ত লোকৰ চিকিৎসাৰ বাবে মহানগৰীৰ খানাপাৰাৰ ক’ভিড কেয়াৰ চেণ্টাৰত এটা সুকীয়া চিকিৎসা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ তদুপৰি এই মাৰাত্মক ভাইৰাছত আক্রান্ত আৰক্ষীৰ লোকৰ চিকিৎসাৰ বাবে অসম আৰক্ষীৰ ডেৰগাঁওস্থিত ১৬নং বেটেলিয়ন কার্যালয়ত অত্যাধুনিক সা–সুবিধাযুক্ত ২৬খন বিছনাযুক্ত হাস্পতাল গঢ়ি তোলা হৈছে৷ ৰাজ্যৰ ভিন্ন প্রান্তত আৰক্ষীৰ লোকৰ বাবে ১০০টা কোৱাৰেণ্টাইন চেণ্টাৰ গঢ়ি তোলা হৈছে৷ আৰক্ষীৰ ২২গৰাকী চিকিৎসক আৰু ২৫০গৰাকী নার্ছক ক’ভিড–১৯ত আক্রান্ত লোকক চিকিৎসাৰ বাবে প্রশিক্ষণ দিয়া হৈছে৷
সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালকপ্রধানজনে লগতে কয় যে ক’ৰোনা ভাইৰাছত আক্রান্ত আৰক্ষীৰ লোকৰ মনোবল বৃদ্ধি কৰাৰ বাবে জিলাই জিলাই হেল্প ডেস্ক মুকলি কৰা হৈছে৷ ইয়াৰ জৰিয়তে ক’ভিড–১৯ত আক্রান্ত আৰক্ষীৰ লোক আৰু পৰিয়ালৰ লোকক ফোন কৰি খা–খবৰ লৈ থকা হৈছে৷ ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও দৈনিক ২–৩বাৰকৈ আৰক্ষীৰ শীর্ষ বিষয়াক ফোন কৰি খা–খবৰ লৈ আছে৷ ইয়াৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে আৰক্ষীৰ লোকক চিকিৎসাৰ প্রয়োজনীয় ব্যৱস্থা কৰি দিয়াৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ভাস্কৰজ্যোতি মহন্তই আন্তৰিক ধন্যবাদ জনায়৷ সংবাদ মেলত শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে পুনৰ কয়– এনে এক জটিল পৰিস্থিতিত আৰক্ষীৰ বাবেও যথেষ্ট প্রত্যাহ্বান আছে৷ কিন্তু এই প্রত্যাহ্বান দৃঢ়তাৰে গ্রহণ কৰি আৰক্ষীৰ লোকসকল কাম কৰি যাবলৈ প্রস্তুত৷ ক’ভিড–১৯বিৰোধী যুঁজৰ মাজতে অসম আৰক্ষীয়ে লকডাউন বলৱৎ কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ আইন–শৃংখলা নিয়ন্ত্রণ, অপৰাধমূলক কার্যকলাপো প্রতিৰোধ, ড্রাগ্ছ, উগ্রপন্থীৰ বিৰুদ্ধেও অভিযান চলাই আছে৷
যোৱা ২৫ মার্চৰ পৰা লকডাউনৰ সময়ত চৰকাৰৰ নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে মুঠ ৩,৭০৫টা গোচৰ ৰুজু কৰিছে৷ যোৱা সময়ছোৱাত ৰাজ্যত ৩,৯০৬টা লকডাউন উলংঘাৰ ঘটনা ঘটিছে৷ এই সংক্রান্তত ৪,৭৭৭জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ এই সময়ছোৱাত ৩৫,০৫৬খন বাহন জব্দ কৰা হৈছে৷ সেইদৰে লকডাউন উলংঘা কৰাৰ অপৰাধত জৰিমনা বিহি মুঠ ৪,৫৭,৮৯,১৫০ টকা সংগ্রহ কৰিছে আৰক্ষীয়ে৷ আনহাতে, লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা আৰক্ষীয়ে এ কে–৫৬ ৰাইফল, এ কে–৪৭ ৰাইফল, ৭.৬৫ এম এম পিষ্টলকে ধৰি মুঠ ৬৫টা মাৰণাস্ত্র, ১,৬২৮টা গুলী, ১৮৯টা গ্রেনেড, ৩টা আই ই ডি বোমা, ২৬ডাল ডিটেনেটৰ, ২ কিলোগ্রাম বিস্ফোৰক আৰু ১৬ কিলোগ্রাম আৰ পি জি জব্দ কৰা হৈছে৷