নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীত ৰদ–বদল কৰিলে গৃহ বিভাগে

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ গৃহ বিভাগে শনিবাৰে এক নির্দেশনাযোগে অসম আৰক্ষীত কিছু সালসলনি ঘটাইছে ৷ সেই অনুসৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) বৰুণ পুৰকায়স্থক পদোন্নতি দি লিগিৰীপুখুৰীস্থিত প্রথম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ৷ ওদালগুৰিৰ আৰক্ষী অধীক্ষক (সদৰ) মৈনাক কুমাৰক পদোন্নতিসহ মান্দাকটাৰ কমাণ্ডো বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ৷ নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) সুমিত শর্মাক পদোন্নতিসহ ভিজিলেন্স এণ্ড এণ্টি কৰাপচনৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) এছ মিশ্রক পদোন্নতিসহ কাহিলিপাৰালৈ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ আনহাতে, ভিজিলেন্স এণ্ড এণ্টি কৰাপচনৰ আৰক্ষী অধীক্ষক খনীন্দ্র কুমাৰ চৌধুৰীক বি আই ই অ’ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক মুকুল শইকীয়াক জখলাবন্ধাস্থিত দ্বিতীয় এ এফ পি এফ বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ৷ লিগিৰীপুখুৰীস্থিত প্রথম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক দেৱাশিস শর্মাক সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ বি আই ই অ’ৰ আৰক্ষী অধীক্ষক নবীন সিংহক বিশেষ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷

You might also like