নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰোগ্য নিধিলৈ পুঠিমাৰী পূজা সমিতিৰ লগতে কণমানি কেশৱৰ অনুদান

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ৰঙিয়া মহকুমাত এতিয়া তুংগত উঠিছে ক’ৰোনা ভাইৰাছ প্ৰতিৰোধী সজাগতা আৰু সতৰ্কতা অভিযান । প্ৰতিটো বিভাগে বিশেষ ভাৱে সাজু আৰু সক্ষম হৈ ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত মহকুমাটোত অব্যাহত ৰাখিছে ব্যাপক জন সজাগতা অভিযান । ৰাইজেও লক্ ডাউন কাৰ্যসূচী পূৰ্ণৰূপত মানি চলাৰ লগতে সঁহাৰি জনাইছে চৰকাৰ কিম্বা প্ৰশাসনে জনোৱা বিভিন্ন আহ্বানক । এনে সঁহাৰিৰ অংশ হিচাপে আজি ৰঙিয়া মহকুমাৰ পুঠিমাৰী বাৰোৱাৰী পূজা সমিতিয়ে অসম আৰোগ্য নিধিলৈ অনুদান হিচাপে পঁচিশ হাজাৰ টকাৰ এখন চেক্ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰক । পৃজা সমিতিৰ হৈ সাধাৰণ সম্পাদক কমলা কান্ত কলিতাই এই চেক্ খন অতিৰিক্ত উপায়ুক্তক অৰ্পণ কৰে ।

লক্ষণীয় ভাৱে, আজি ৰঙিয়াৰ কেশৱ জাজদিয়া নামৰ এটি কণমানি শিশুৱেও অসম আৰোগ্য নিধিলৈ আগবঢ়ায় নগদ দহ হাজাৰ টকাৰ বৰঙণি । সম্প্ৰতি অব্যাহত থকা ক’ৰোনা ভাইৰাছ প্ৰতিৰোধী অভিযানৰ বাবে ৰঙিয়া চহৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা জিতেন্দ্ৰ জাজদিয়াৰ পুত্ৰ তথা ফাতেমা কনভেণ্ট স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ কেশৱে এটকা দুটকাকৈ টেমাত জমা থোৱা সমুদায় নগদ টকা খিনি আজি এনেদৰে এক মহৎ উদ্দেশ্য আগত ৰাখি আগবঢ়োৱা কাৰ্যক মহকুমা প্ৰশাসন তথা ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ।

You might also like