অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা সন্দৰ্ভত বিশেষ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ২৭ মাৰ্চঃ অসম চৰকাৰৰ অধীনত কৰ্মচাৰী সকলৰ মাৰ্চ মাহৰ দৰমহাৰ ১০ৰ পৰা ২০% হ’ব কৰ্তন। লগতে অহা বিত্তীয় বৰ্ষত কৰ্তন কৰা দৰমহা ঘূৰাই পাব ৪.৫%সূদত। কোভিদ-১৯ ৰ সৈতে যুঁজৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
আজি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কৰ্মচাৰী পৰিষদৰ বৈঠকৰ পিছতেই ঘোষণা কৰা হয়।
চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে কৰ্মচাৰী পৰিষদে।