নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধান সভাৰ বাহিৰত এআইইউডিএফৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ সোমবাৰে এআইইউডিএফে অসম বিধান সভাৰ বাহিৰত বহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

দলটোৰ নেতাসকলে উল্লেখ কৰি কয় যে আজিৰ এই বিশেষ অধিৱেশনত কা’ৰ ওপৰত তেওঁলোকৰ দাবীসমূহ মানি লোৱা নাই । যাৰ বাবে তেওঁলোকে এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হয় ।

এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে “আমি পুনৰ এক বিশেষ অধিবেশন আৰু অধিৱেশনখন এদিনলৈ বৃদ্ধিৰ বাবে দাবী কৰিছিলো, কাৰণ অসমৰ জনসাধাৰণ কা’ক লৈ অসন্তুষ্ট । কিন্তু চৰকাৰে আমাৰ দাবী মানি নল’লে । সেইবাবে আমি বিধানসভাৰ মূল প্ৰৱেশদ্বাৰ অবৰোধ কৰি এই প্ৰতিবাদ কৰিছো ।”

উল্লেখ্য যে আজি অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল । আনফালে সদনৰ আৰম্ভণিতে বিৰোধীয়ে ৰাজ্যপালৰ ভাষণৰ মাজতে উত্তাল কৰি তোলাত ৰাজ্যপালে ভাষণ আধাতে সামৰিব লগীয়া হয় ।

You might also like