নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ এইবাৰ হিন্দু বঙালীক টার্গেট কৰিছে কংগ্রেছ দলে ৷ হিন্দু বঙালীক কংগ্রেছে সুৰক্ষা দি আহিছে বুলি দাবী কৰি শনিবাৰে তেজপুৰত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে অসম আন্দোলন, ভাষা আন্দোলনৰ সময়ত বঙালীক সুৰক্ষা দিছিল কংগ্রেছে ৷ অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰী কৰা আৰু ১৯৫১ চনক ভিত্তিবর্ষ কৰাৰ বাবে বিজেপিয়ে যি চেষ্টা হাতত লৈছে সেই প্রচেষ্টাই হিন্দু বঙালীৰ ৰাজনৈতিক অধিকাৰ খর্ব কৰাৰ পৰিকল্পনা কৰিছে ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্রত্যাহাৰ আৰু ৰাজ্যখনৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ লগতে চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আদিৰ দাবীত প্রদেশ কংগ্রেছে ৰাজ্যজুৰি অব্যাহত ৰখা অস্তিত্ব ৰক্ষা জনজাগৰণ সভা শনিবাৰে তেজপুৰতো অনুষ্ঠিত হয় ৷ ট
তেজপুৰ চহৰৰ মাজমজিয়াস্থিত ধোবা পুখুৰী পার্কিং প্লেচত শোণিতপুৰ জিলা কংগ্রেছ কমিটীৰ উদ্যোগত আয়োজিত উক্ত জনজাগৰণ সভাত ৰাইজৰ সেৰেঙা উপস্থিতিত প্রদেশ কংগ্রেছ সভাপতিগৰাকীয়ে বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ জ্যেষ্ঠ কংগ্রেছী নেতা বৰাই কয় যে অসমৰ জনগণৰ প্রতিবাদী কণ্ঠক উপেক্ষা কৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ সংসদৰ মজিয়াত সংখ্যাগৰিষ্ঠ বিজেপি সাংসদ থকাৰ সুবাদতে ইয়াক আইনলৈ পৰিণত কৰিবলৈ সক্ষম হ’ল যদিও কংগ্রেছ দলে সংসদৰ ভিতৰে বাহিৰে এই অসাংবিধানিক আইনখনৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিছে ৷
২০১৬ৰ লোকসভা নির্বাচনৰ পূর্বে বিজেপিয়ে বিভিন্ন ধৰণৰ প্রলোভন দি ৰাইজৰ ভোটেৰে দিল্লীৰ মছনদ দখল কৰাৰ পিছত নির্বাচনৰ সময়ত ঘোষণা কৰা বিভিন্ন প্রতিশ্রুতিৰ লগতে অসমত থিতাপি লোৱা অবৈধ বাংলাদেশী বহিষ্কাৰ কৰা হ’ব বুলি কৰা ঘোষণাও এতিয়া সাৰশূন্য হৈ পৰিছে ৷ অবৈধ বাংলাদেশী বহিষ্কাৰ কৰাটো দূৰৈৰ কথা এতিয়া বিতর্কিত আইন ‘কা’ৰ জৰিয়তে হিন্দু বাংলাদেশীক দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমতো সংস্থাপনৰহে ব্যৱস্থা কৰিলে বিজেপিয়ে ৷ ইয়াৰ জৰিয়তে আনকি বেংগলীভাষীক বিভিন্ন ষড়যন্ত্রৰে বলিৰ পঠা বনাইছে বিজেপিয়ে ৷ ভাষণত বৰাই আৰু কয় যে ‘কা’ৰ আলম লৈ বিজেপি চৰকাৰে হিন্দু বঙালীক লৈ সম্প্রতি ৰাজনীতি আৰম্ভ কৰিছে যদিও প্রকৃতার্থত কংগ্রেছেহে পূর্বৰে পৰা অসমত কেবাপুৰুষ ধৰি বসবাস কৰা হিন্দু বঙালীক সুৰক্ষা প্রদান কৰি আহিছে আৰু ভৱিষ্যতেও হিন্দু বঙালী অস্তিত্বৰ বিপন্নৰ পৰা কংগ্রেছেহে ৰক্ষা কৰিব ৷
‘কা’বিৰোধী আন্দোলনত আত্মবলিদান দিয়া অসমৰ পঞ্চশ্বহীদৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰা সভাত অসম প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা ৰাজ্যিক মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যই কয় যে বিজেপি দলে কেনেধৰণৰ আভুৱা–ভাঁৰা কথাৰে সর্বসাধাৰণ ৰাইজক প্রৱঞ্চনা কৰি আহিছে সেই সন্দর্ভত বক্তব্য আগবঢ়াই গেৰুৱা দলটোৰ লগতে আঞ্চলিক দল অগপৰ কার্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ইয়াৰ পিছতেই চহৰৰ মূলপথেৰে উলিওৱা হয় এক প্রতিবাদী সমদল ৷ ইয়াৰ পিছত অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ লোকৰ সংৰক্ষণ আৰু মৌলিক অধিকাৰ অক্ষুণ্ণ ৰখাৰ দাবী সম্বলিত এখন স্মাৰক–পত্র শোণিতপুৰ জিলা কংগ্রেছ কমিটীৰ তৰফৰ পৰা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্রপতিগৰাকীলৈ প্রেৰণ কৰা হয় ৷ আনহাতে সাংবাদিকৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে তেওঁক তেজপুৰীয়া ৰাইজে বিচাৰিছে ৷ এই প্রসংগতে ২০২১ৰ নির্বাচনত তেজপুৰৰ পৰা প্রতিদ্বন্দ্বিতা কৰাৰো ইংগিত দিয়ে ৷ ফিল্ম ফেয়াৰক লৈ ৰাজনীতি আৰম্ভ হৈছে বুলি উল্লেখ কৰি অসমত এই অনুষ্ঠান সময়োপযোগী হোৱা নাই বুলি তেওঁ মন্তব্য কৰে ৷