নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ এলানি বঁটা ঘোষণা

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শুৱালকুছিত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন । এই অধিৱেশনতে সভাই কেইবাগৰাকীও কবি-সাহিত্যিক-সাংবাদিকক এলানি বঁটা প্রদান কৰিব ৷ শুকুৰবাৰে এখন সংবাদ মেলযোগে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে বঁটাপ্রাপকসকলৰ নাম ঘোষণা কৰে ৷ ঘোষণা অনুসৰি অসম সাহিত্য সভাৰ ২০১৮–২০ বর্ষৰ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা আগবঢ়োৱা হৈছে অসমৰ বিশিষ্ট কবি অনুভৱ তুলসী আৰু বিশিষ্ট গল্পকাৰ ডাঃ অপূর্ব কুমাৰ শইকীয়ালৈ ৷ অনুভৱ তুলসীৰ ‘বানান কৰি পঢ়া লুইতৰ পানী’ আৰু অপূর্ব কুমাৰ শইকীয়াৰ ‘চ’তৰ উৰহী’ গল্প সংকলনৰ কাৰণে এই বঁটাটো আগবঢ়োৱা হৈছে ৷ একেদৰে অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট কবি ডাঃ প্রয়াগ শইকীয়া আৰু লেখক নীলোৎপল বৰুৱালৈ ৷ প্রয়াগ শইকীয়াৰ ‘সবাক চিত্র নির্বাক কবিতা’ আৰু নীলোৎপল বৰুৱাৰ ‘শুক্রাচার্য ৰাভা যাত্রা আৰু মাত্রা’ গ্রন্থৰ কাৰণে এই বঁটাটো আগবঢ়োৱা হৈছে ৷ সীতানাথ ব্রহ্মচৌধুৰী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে লেখক নগেন বৰা আৰু নগেন্দ্রনাথ শর্মালৈ ৷ ‘একে অসম একে গীত’ গ্রন্থৰ বাবে নগেন বৰালৈ আৰু ‘এনে মৃত্যু শিল্প নহয়’ গ্রন্থৰ বাবে নগেন্দ্রনাথ শর্মালৈ অসম সাহিত্য সভাই যুটীয়াভাৱে সীতানাথ ব্রহ্মচৌধুৰী বঁটা আগবঢ়াইছে ৷ তদুপৰি হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটা ‘ইউৰোপৰ আঠখন সুকীয়া দেশ ভ্রমণ’ গ্রন্থৰ কাৰণে লেখক ইন্দ্রজিৎ দত্তলৈ আগবঢ়াইছে ৷ সংবাদ মেলত বাসন্তী বৰদলৈ বঁটাও ঘোষণা কৰা হয় ৷ এই বঁটা লাভ কৰিছে ‘ৰোদন’ গ্রন্থৰ বাবে মনীষা শর্মা আৰু ‘ছায়াছবি’ গ্রন্থৰ বাবে নিবেদিতা বৰপূজাৰীয়ে ৷ ভৰত চন্দ্র বৰুৱা স্মাৰক বঁটা লাভ কৰিছে ‘সুজন কাণ্ডাৰ’ গ্রন্থৰ বাবে বিজয়শংকৰ শর্মা আৰু ‘নিশব্দ বার্তালাপ’ গ্রন্থৰ বাবে তপন দত্তই ৷ বুদুৰাম পাংগিং স্মাৰক বঁটা লাভ কৰিছে ‘বড়ো উত্তৰণৰ ইতিহাস’ গ্রন্থৰ বাবে মুনীন্দ্র দাস আৰু ‘তিৱা সমাজ আৰু সংস্কৃতিৰ এচেৰেঙা’ গ্রন্থৰ বাবে ড০ ৰূপা ডেকা পাটৰে ৷ কবি অমূল্য বৰুৱা বঁটা আগবঢ়োৱা হৈছে ‘ছ্যেং’ গ্রন্থৰ বাবে কুসুমাঞ্জলি আৰু ‘জুনুকা পিন্ধা বৰষুণ’ৰ বাবে মানসী গগৈলৈ ৷ ফণী তালুকদাৰ–ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা ধেমাজিৰ ব্যংগ সাহিত্যিক বিমল ৰাজখোৱালৈ আগবঢ়াইছে অসম সাহিত্য সভাই ৷ উত্তম চন্দ্র বৰুৱা সোঁৱৰণী বঁটা আগবঢ়াইছে ডিফুৰ নীলোৎপল শর্মালৈ ৷ এই বঁটাসমূহ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা শুৱালকুছি অধিৱেশনত প্রদান কৰা হ’ব ৷ অসম সাহিত্য সভাই এইবেলি প্রথমবাৰৰ বাবে আন এটি বঁটা ঘোষণা কৰিছে ৷ সেই বঁটাটো হ’ল অসম সাহিত্য সভাৰ যুৱ সাংবাদিকতা বঁটা ৷ বঁটাটো লাভ কৰিছে প্রতিদিন টাইমৰ সাংবাদিক বশিষ্ঠ দেৱফুকন, ডি ৱাই ৩৬৫ৰ সাংবাদিক তপন কুমাৰ বৰা আৰু দৈনিক জনমভূমি কাকতৰ সাংবাদিক মনোৰঞ্জন বৰিয়ে ৷ এই বঁটাটো শুৱালকুছি অধিৱেশনৰ অৰুণোদই সন্মিলনত প্রদান কৰা হ’ব বুলি সংবাদ মেলত সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখোৱাই ঘোষণা কৰিছে ৷ আন কেইটিমান বঁটাও দুই–এদিনতে প্রদান কৰা হ’ব বুলি সংবাদ মেলত প্রকাশ কৰে সভাপতি–প্রধান সম্পাদকে ৷ সংবাদ মেলত অধিৱেশনৰ বিভিন্ন কার্যসূচীও ঘোষণা কৰা হয় ৷

You might also like