অসুস্থ এ আই ইউ ডি এফপ্রধান বদৰুদ্দিন আজমল
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ মুম্বাইত অসুস্থ হৈ পৰিছে সাংসদ তথা এ আই ইউ ডি এফপ্রধান মৌলানা বদৰুদ্দিন আজমল৷ সম্প্রতি তেওঁ নিজৰ বাসগৃহতে চিকিৎসকৰ তত্ত্বাৱধানত আছে৷ উল্লেখ্য যে শনিবাৰে পুৱাৰে পৰা বিভিন্ন সংবাদ মাধ্যমত এ ইউ ডি এফপ্রধানগৰাকী ভাতৃ চিৰাজুদ্দিন আজমলসহ ক’ৰোনাত আক্রান্ত হোৱা বুলি খবৰ প্রকাশ পাইছিল৷ নিশাৰ ভাগত মৌলানা বদৰুদ্দিন আজমলে এই সন্দর্ভত এক স্পষ্টীকৰণ দি কয়– ‘মই যোৱা এসপ্তাহ ধৰি অসুস্থ হৈ আছোঁ৷ কিছুমান সংবাদ মাধ্যমে মই ক’ভিড পজিটিভ বুলি বাতৰি সম্প্রচাৰ কৰা দেখা গৈছে৷ প্রচাৰিত বাতৰি সন্দর্ভত সকলোকে এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে যোৱা ৪ জুলাইত কৰা মোৰ ক’ভিড টেষ্টৰ ৰিপ’ট নিগেটিভ ওলাইছে৷ মই বর্তমানে মোৰ বাসগৃহত অভিজ্ঞ চিকিৎসকৰ নিৰীক্ষণত আছোঁ আৰু আগৰ তুলনাত স্বাস্থ্য বহু পৰিমাণে উন্নত হৈছে৷ চিকিৎসকৰ পৰামর্শ মতে আজিও মই ক’ভিড টেষ্টৰ বাবে ছোৱাবৰ নমুনা প্রেৰণ কৰিছোঁ৷ এই সন্দর্ভত অতি সোনকালে ৰিপ’ট লাভ কৰিম বুলি আশা কৰিছোঁ৷ কিন্তু এতিয়ালৈকে ক’ভিড পজিটিভ সন্দর্ভত কোনো অফিচিয়েল ৰিপ’ট অহা নাই৷’
সাংসদগৰাকীৰ অসুস্থতাৰ খবৰে তেওঁৰ দলৰ কর্মকর্তাসকলৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি কৰিছিল৷ ইয়াৰ পাছতে নিশাৰ ভাগত ছ’চিয়েল মিডিয়াযোগে বদৰুদ্দিন আজমলে নিজৰ স্বাস্থ্যৰ শেহতীয়া স্থিতি অৱগত কৰে৷ ইফালে, তেওঁৰ ভাতৃ চিৰাজুদ্দিন আজমলো অসুস্থ হৈ আছে৷ তেৱোঁ অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা গ্রহণ কৰি আছে বুলি জানিব পৰা গৈছে৷