নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত নিৰাপত্তা বাহিনী আৰু এন এছ চি এনৰ মাজত পুনৰ সংঘর্ষ: নিহত ৩ কেডাৰ

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ যোৱা ১৩ নৱেম্বৰত মণিপুৰত পি এল এ উগ্ৰপন্থীয়ে ৪৬নং অসম ৰাইফলছৰ কনভয়ৰ ওপৰত এম্বুছ কৰি অসম ৰাইফলছৰ কৰ্ণেলকে ধৰি ৭ জন কৈ নিৰাপত্তা বাহিনীৰ লোকক হত্যা কৰাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অতি কঠোৰ হৈ পৰিছে নিৰাপত্তা বাহিনী। ১১ তাৰিখৰ পুৱতি নিশা অসম আৰু অৰুণাচল সীমান্তৰ দেউমালীত ভাৰতীয় সেনাই এন এচ চি এম আই এমৰ বিৰুদ্ধে অভিযান চলাই এজন কেডাৰক নিহত আৰু দুজনকৈ কেডাৰক গুৰুতৰ ভাৱে আহত কৰাৰ পিছত আজি পুনৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যখনৰ লংডিং জিলাৰ অন্তৰ্গত ৱাক্রাৰ সমীপৰ খগলা গাঁৱৰ অৰণ্যত তীব্ৰ সংঘর্ষ সংঘটিত হয় অসম ৰাইফলছ আৰু এন এছ চি এনৰ (কে ৱাই) গোটৰ মাজত। নিৰাপত্তা বাহিনীৰ সূত্ৰই জানিবলৈ দিয়া মতে উক্ত অঞ্চলত উগ্ৰপন্থী সংগঠনটোৰ কেডাৰে ভয়াবহ পৰিকল্পনা ৰূপায়ন কৰাৰ উদ্দেশ্যেৰে বাহৰ পাতি থকাৰ তথ্য লাভ কৰি খুনচা স্থিত ৬নং অসম ৰাইফলছৰ দলে অভিযান চলোৱাত উগ্ৰপন্থী দলটোৰ বৃহৎ দলটোৰ সৈতে মুখামুখি হোৱাত এন এছ চি এনৰ দলটোৱে অত্যাধুনিক অস্ত্ৰ হস্তৰে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে । প্ৰত্যুত্তৰত অসম ৰাইফলছেও দলটোৰ ওপৰত আক্ৰমণ কৰাত ঘটনাস্থলীতে এন এছ চি এন (কে ৱাই)ৰ তিনিটাকৈ দুধর্ষ উগ্ৰপন্থী নিহত হোৱাৰ লগতে আন উগ্ৰপন্থী কেইটা গভীৰ অৰণ্যৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়।

আনহাতে এই সংঘৰ্ষত অসম ৰাইফলছৰ কোনো এজনো লোক হতাহঁতৰ হোৱা নাই বুলি প্ৰকাশ কৰিছে নিৰাপত্তা সূত্ৰটোৱে। উল্লেখযোগ্য যে এতিয়ালৈকে নিহত উগ্ৰপন্থী কেইটাৰ পৰিচয় লাভ কৰিবলৈ নিৰাপত্তা বাহিনী সক্ষম হোৱা নাই যদিও আটাইকেইটা উগ্ৰপন্থীৰে ঘৰ ম্যানমাৰত বুলি প্ৰকাশ কৰিছে অসম ৰাইফলছে।

আনহাতে সংঘর্ষত নিহত হোৱা উগ্ৰপন্থী কেইটাৰ পৰা অসম ৰাইফলছে তিনিটাকৈ অত্যাধুনিক এ কে ৮১ ৰাইফল, ৬ টাকৈ মেগজিন, শতাধিক এ কে ছিৰিজৰ গুলি, মোবাইল হেন্ডছেট, চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে ম্যানমাৰ সীমান্তবর্তী আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সকলে ম্যানমাৰৰ পৰা ভাৰতত প্ৰবেশৰ বাবে গোপন পথ ৰূপে সততে ব্যৱহাৰ কৰি অহা উক্ত অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী সংগঠনটোৰ তিনিজনকৈ দুধর্ষ কেডাৰক এনেদৰে নিহত কৰা ঘটনা নিৰাপত্তা বাহিনীৰ বাবে বৃহৎ সাফল্য ৰূপে পৰিগণিত হৈছে।

মন কৰিবলগীয়া যে আজি পুৱাৰে পৰা আৰম্ভ হোৱা এই সংঘর্ষ বাতৰি প্ৰেৰণ কৰাৰ পৰলৈকে অব্যাহত আছে। মৃত্যু উগ্ৰপন্থী কেইজনৰ নাম এই মূহুৰ্ত্বলৈকে জানিব পৰা হোৱা নাই।

input: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like