নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক ৩–৪ দিনত ধুমুহা–বৰষুণৰ আশংকা

নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ সমগ্র দেশৰ লগতে ৰাজ্যবাসীয়েও বর্তমান এক দুর্বিষহ জীৱন পাৰ কৰি আছে ৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে ঘৰতে আবদ্ধ কৰি ৰাখিছে নাগৰিকক৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ভয়াৱহতাৰ বাবে অসমবাসীয়ে উদ্যাপন কৰিব পৰা নাই বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুটি৷ কাইলৈ সাতবিহু ৷ ব’হাগ মাহৰ প্রথম পষেকতেই মৌচুমী বায়ু আৰু বৰদৈচিলাৰ সংযুতি ঘটাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীতো বৰষুণ পৰিছে আৰু আগন্তুক তিনি–চাৰি দিনত ধুমুহা–বৰষুণ হোৱাৰ আশংকা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ এক সূত্রই জানিবলৈ দিয়া মতে পশ্চিমবংগৰ আকাশত সৃষ্টি হোৱা এজাক ঘূর্ণিয়মাণ বতাহৰ লগত বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ বাবে সাগৰপৃষ্ঠৰ পৰা মাত্র ডেৰ কিলোমিটাৰ ওপৰেৰে বৈ থকা এজাক চেঁচা বতাহ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যলৈ গতি কৰি আছে৷ ঘণ্টাত ত্রিশৰ পৰা চল্লিশ কিলোমিটাৰ বেগত চলি থকা বতাহজাকৰ প্রভাৱৰ বাবেই অসম, মেঘালয়, অৰুণাচল প্রদেশ আৰু মণিপুৰৰ ভিন্ন স্থানত পাতল, মজলীয়া আৰু প্রচুৰ বৰষুণ হৈ আছে৷ সম্প্রতি অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যেেকইখনত মৌচুমী বায়ুৰ সময়৷ বিগত প্রায় দহ বছৰ পূর্বে মার্চ–এপ্রিল মাহত প্রাক্–মৌচুমী বায়ুৰ প্রভাৱৰ বাবে ৰাজ্যখনত দুই–এজাক ধাৰাসাৰ বৰষুণ আহিছিল যদিও সম্প্রতি বতৰৰ যথেষ্ট তাৰতম্য ঘটিছে৷ বিগত দহ বছৰৰ ভিতৰত পাৰিপার্শ্বিক ভাৰসাম্য বিনষ্ট হোৱাৰ বাবেই মৌচুমী বায়ু আৰু বৰদৈচিলাৰ বতৰৰ সংযুতি ঘটিছে৷ যাৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি সমগ্র ৰাজ্যখনত একেৰাহে তিনি–চাৰি দিন ধৰি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা প্রকট হৈ উঠিছে৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ সূত্রটোৱে জানিবলৈ দিয়া মতে সম্প্রতি বৰষুণ পৰি থকাৰ বাবে তাপমাত্রা কিছু কমিব যদিও বৰষুণ এৰাৰ পিছত প্রখৰ গৰমত ৰাজ্যবাসীৰ প্রাত্যহিক জীৱন বিধ্বস্ত হৈ পৰাৰ সম্ভাৱনা আছে৷ কিয়নো ২১ মার্চৰ পিছত সূর্য বিষুৱৰেখাৰ পৰা উত্তৰ–গোলার্ধলৈ গতি কৰি আছে ৷ উত্তৰ গোলার্ধলৈ গতি কৰি থকাৰ বাবে সূর্য মূৰৰ ওপৰত অৱস্থান কৰিব বাবে স্বাভাৱিকতে উষ্ণতা বৃদ্ধি পাব৷

You might also like