নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগৰ ব্যৱসায়ে মহাৰাষ্ট্রৰ ক’ৰোনা বিভীষিকা কঢ়িয়ালে ৰাজ্যলৈ

নিয়মীয়া বার্তা, ২৭মেঃ দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পাছত এতিয়া অসমৰ বাবে ক’ৰোনা সংক্রমণৰ হটস্পট ৰূপে পৰিগণিত হৈছে মহাৰাষ্ট্র৷ বিশেষকৈ মহাৰাষ্ট্রৰ কুলাবা নামৰ অঞ্চলটোৰ পৰাই এতিয়া ক’ৰোনা বিভীষিকা নামি আহিছে অসমৰ হোজাই জিলালৈ৷ উল্লেখ্য যে ৰাজ্যখনৰ ক’ভিড–১৯ আক্রান্তৰ ক্ষেত্রত দ্বিতীয় স্থানত থকা হোজাই জিলাৰ ৯০ শতাংশ আক্রান্তই মুম্বাইৰ পৰা আহি কোৱাৰেণ্টাইনত থকা লোক বুলি চিনাক্ত হৈছে৷

আনহাতে, ৰাজ্যৰ ক’ৰোনা আক্রান্তৰ শীর্ষ স্থানত থকা গোলাঘাট জিলাৰ সর্বাধিক আক্রান্তৰ সংযোগো এতিয়া মুম্বাইৰ সৈতে উদ্ধাৰ হোৱাৰ পাছত মুম্বাইৰ পৰা অহা লোকসকল ক’ৰোনা সংক্রমণৰ ক্ষেত্রত অতিকৈ স্পর্শকাতৰ বিবেচিত হৈছে৷ উল্লেখ্য যে হোজাই জিলাত এইপর্যন্ত ৮৯জন ব্যক্তিৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰে প্রায় সকলো লোকেই বহিঃৰাজ্যৰ পৰা ৰে’ল তথা বাছযোগে অহা৷ জিলাখনলৈ বহিঃৰাজ্যৰ পৰা অহা ৫৫১জন লোকক বর্তমান কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে৷ হোজাই জিলালৈ প্রত্যাৱর্তন কৰা প্রায় সকলো লোকেই মুম্বাইৰ পৰা শেহতীয়াকৈ আহি জিলাখনত প্রৱেশ কৰিছে৷ হোজাইৰ মুম্বাই ফেৰৎ লোকসকল ক’ভিড–১৯ত আক্রান্ত হোৱাৰ মূলতে আছে মুম্বাইত থকা অগৰ ব্যৱসায়ৰ বৃহৎ বজাৰখন৷ উল্লেখ্য যে মুম্বাইৰ কুলবা অঞ্চলত বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমল আৰু

তেওঁলোকৰ পৰিয়ালৰ অগৰ আৰু আনুষংগিক ব্যৱসায়ৰ এক বৃহৎ সাম্রাজ্য আছে৷ মুম্বাইৰ এই অভিজাত অঞ্চলটোতে আজমল এণ্ড ছনছ, আজমল পাৰফিউম আৰু আজমল বায়’টেক প্রাইভেট লিমিটেডৰ চাৰিটাকৈ কর্প’ৰেট কার্যালয় আৱস্থিত৷ আজমলৰ এই সমগ্র ব্যৱসায়টোত হোজাই–যমুনামুখ অঞ্চলৰ প্রায় ৬ হাজাৰ লোক কর্মৰত হৈ আছে৷ একেদৰে মুম্বাইত আগৰ ব্যৱসায়ৰ আন এখন বৃহৎ সাম্রাজ্য আছে হোজাইৰ প্রখ্যাত আগৰ ব্যৱসায়ী আনফৰৰ৷ আনফৰৰ ব্যৱসায়িক প্রতিষ্ঠানতো হোজাই জিলাৰ প্রায় ১,০০০ লোক কর্মৰত হৈ আছে৷ আনহাতে, আজমল পৰিয়াল আৰু আনফৰৰ এই আগৰ ব্যৱসায়ক কেন্দ্র কৰি মুম্বাইমুখী হোৱা হোজাইৰ লোকসকলে আন আন যুৱককো মেট্র’ নগৰীখনলৈ লৈ গৈছিল৷ হোজাইৰ এই দুজন আগৰ ব্যৱসায়ীৰ উপৰি মুম্বাইত সৰু–বৰ আৰু অধিক এই ব্যৱসায়িক প্রতিষ্ঠানত কর্মৰত হৈ আছে অঞ্চলটোৰ সহস্রাধিক লোক৷

ইতিমধ্যে ক’ৰোনা সংক্রমণৰ পাছত দেশজুৰি হোৱা লকডাউনৰ পাছত আজমল পৰিয়ালৰ কোম্পানীত প্রত্যক্ষভাৱে কর্মৰত হোজাইৰ লোকসকলক নিয়মীয়াকৈ দৰমহা আদায় দি আছে বুলি কোম্পানীৰ সূত্রত প্রকাশ৷ একেদৰে আনফৰৰ কোম্পানীতো কর্মৰত হোজাইৰ লোকক নিয়মীয়াকৈ দৰমহা আদায় দি থকাৰ তথ্য প্রকাশ পাইছে৷ এনে তথ্যৰ আধাৰত দুয়োজন অগৰ সম্রাটৰ কোম্পানীত প্রত্যক্ষভাৱে কর্মৰত লোক হোজাইলৈ উভতি অহা নাই যদিও তেওঁলোকৰ ব্যৱসায়িক সাম্রাজ্যক কেন্দ্র কৰি মুম্বাইত সংস্থাপন বিচাৰি যোৱা বহু লোক কর্মহীন হোৱা বুলি তেনে লোকে বিভিন্ন সামাজিক মাধ্যমত সহায় বিচাৰি আবেদন জনাই অহাটো পৰিলক্ষিত হৈছে৷ দেশৰ ভিতৰতে মুম্বাইত সর্বাধিক ক’ৰোনা আক্রান্ত হোৱাৰ পাছত এই লোকসকলে নিজ ৰাজ্যলৈ উভতি আহিবলৈ উদ্বাউল হৈ উঠাটো নিতান্তই স্বাভাৱিক৷ বিশেষকৈ হোজাই জিলাৰ নীলবাগান, মোৰাঝাৰ, চৌধুৰী বজাৰ, কৰৈয়নি, গণিপুৰ, ডবকা, দেৱস্থান, আমবাৰী, নমাটি আদি অঞ্চলৰ অনেক যুৱক লকডাউনৰ ফলত কর্মসংস্থানহীন হৈ অসমলৈ উভতি অহাৰ চেষ্টা চলায়৷ মুম্বাইৰ কুলবা, চার্ছগেট, মহাত্মা ফুলেনগৰ আদি অঞ্চলত ব্যাপকভাৱে ক’ৰোনাৰ সংক্রমণ ঘটিছে আৰু

এই অঞ্চলটোতে আছে আজমল পৰিয়ালৰ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান৷ স্বাভাৱিকতেই এই অঞ্চলটোত হোজাই জিলাৰ লোকসকল প্রায়েই একলগ হৈ থকাটো এক দৈনন্দিন পৰিঘটনা৷ লকডাউনৰ সময়তো এনে স্থানত একে অঞ্চলৰ পৰা যোৱা লোকসকল মিলিত হোৱাটো নিতান্তই স্বাভাৱিক৷ চতুর্থ পর্যায়ৰ লকডাউনৰ সময়ত বহিঃৰাজ্যত কর্মৰত শ্রমিকসকলক নিজ ৰাজ্যলৈ ওভতাই অনাৰ ব্যৱস্থা গ্রহণ কৰাৰ পাছত মুম্বাইৰ অগৰ ব্যৱসায়ক কেন্দ্র কৰি কর্মৰত হৈ থকা লোকসকল ৰে’লযোগে হোজাইলৈ ঘূৰি আহে৷ দেশৰ ক’ৰোনা সংক্রমণৰ অন্যতম হটস্পট অঞ্চলটোৰ পৰা এই লোকসকলে অসমত প্রৱেশ কৰাৰ পাছতে ৰাজ্যখনত ক’ভিড–১৯ আক্রান্তৰ সংখ্যা অস্বাভাৱিক ৰূপত বৃদ্ধি পায়৷ একেদৰে মুম্বাই ফেৰৎ লোকৰ বাবেই হোজাই জিলাতো বৃদ্ধি পায় ক’ৰোনা আক্রান্তৰ সংখ্যা৷

ইতিমধ্যে মুম্বাইত হোজাই জিলাৰ মোৰাঝাৰৰ সদৰ গাঁৱৰ জিয়াউদ্দিন নামৰ এজন যুৱকে মুম্বাইত জ্বৰত আক্রান্ত হৈ মৃত্যুক সাবটি ল’বলগীয়া হয়৷ যোৱা ১৯ মে’ত হোজাইত প্রথম ক’ৰোনাৰ উপস্থিতি ধৰা পৰা দুগৰাকী ৰোগীৰ মাজত এটি দুমহীয়া শিশুও আছিল৷ পিতৃসহ এই শিশুটি মুম্বাইৰ পৰা আহি দেৱস্থানৰ নিজ বাসগৃহত কোৱাৰেণ্টাইনত আছিল৷ ইয়াৰ পাছৰ পৰাই হোজাইৰ মুম্বাই ফেৰৎ বিভিন্ন লোকৰ ক’ভিড–১৯ পজিটিভ ৰিপ’ট প্রকাশ পায় সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত কৰা ছোৱাব পৰীক্ষাৰ পাছত৷ ইয়াৰ পূর্বে যোৱা ৪ মে’তো হোজাইৰ কৰৈয়নি গাঁৱৰ বদৰুদ্দিন নামৰ এজন যুৱকৰ ক’ভিড–১৯ আক্রান্ত হৈ মুম্বাইত মৃত্যু ঘটিছিল৷ হোজাই জিলাৰ ক’ভিড আক্রান্তৰ এই বৃহৎ পৰিসংখ্যাই জিলাখনৰ একাংশ যুৱকৰ মুম্বাইৰ অগৰ ব্যৱসায়কেন্দ্রিক বহিঃৰাজ্য গমনৰ প্রতিচ্ছবিখন স্পষ্ট কৰি তুলিছে৷ কার্যতঃ আজমল–আনফৰৰ অগৰ ব্যৱসায়ৰ সাম্রাজ্যৰ বাবেই পৰোক্ষভাৱে হোজাইলৈ কঢ়িয়াই আনিছে ক’ৰোনা সংক্রমণৰ বিভীষিকা৷

তাৎপর্যপূর্ণভাৱে হোজাই জিলা প্রশাসনে জিলাখনৰ ক’ৰোনা আক্রান্তসকলৰ ট্রেভেল হিষ্ট্রী সম্পর্কত বিশেষ তথ্য প্রকাশ কৰিব নিবিচৰা বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ হোজাইৰ দৰেই সর্বাধিক ক’ৰোনা আক্রান্ত হোৱা গোলাঘাট জিলাৰ শেহতীয়া তথ্যয়ো বিশেষ তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে এইপর্যন্ত গোলাঘাটৰ ১২০জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ প্রথমতে নিজামুদ্দিন মার্কাজ ফেৰৎ জামাতীয়ে ক’ভিড–১৯ আক্রান্তৰ পৰিসংখ্যাত গোলাঘাট জিলাক সংযোজিত কৰাৰ পাছত এতিয়া বহিঃৰাজ্যৰ পৰা অহা শ্রমিকে জিলাখনৰ আক্রান্তৰ সংখ্যা সর্বাধিক কৰি তুলিছে৷ বহিঃৰাজ্যৰ পৰা ৰে’লযোগে শ্রমিকৰ আগমন ঘটাৰ পাছতে শেহতীয়াকৈ গোলাঘাটত নতুনকৈ ৭৮জন লোক ক’ৰোনাত আক্রান্ত হৈছিল৷ এই আক্রান্তৰ সর্বাধিক লোকেই চেন্নাই আৰু হায়দৰাবাদৰ পৰা অহা যদিও এই লোকসকলৰ সংক্রমণৰ সৈতে সংযোজিত হৈছে মহাৰাষ্ট্রৰ নাম৷ দৰাচলতে ছুপাৰ চাইক্লন উম্পুনে কাল হ’ল গোলাঘাটৰ এই ৭৮গৰাকী ক’ভিড আক্রান্তৰ৷ চেন্নাইৰ পৰা গুৱাহাটীলৈ অহা বিশেষ শ্রমিক ৰে’লখন উম্পুনৰ বাবে গতিপথ সলাই মহাৰাষ্ট্র–নাগপুৰ হৈ আছানচল মালদহৰ পৰা অসমলৈ আহে৷ উল্লেখ্য যে এই যাত্রীসকলৰ যোৱা ১৬ মে’ত চেন্নাইৰ অসম ভৱনৰ কাষত থকা অভিযান্ত্রিক মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰি ১৯ মে’লৈকে তাতেই কোৱাৰেণ্টাইন কৰি ৰাখিছিল৷

১৯ মে’ত এই লোকসকলক পুনৰ স্বাস্থ্য পৰীক্ষা কৰি ৰে’লযাত্রাৰ অনুমতি প্রদান কৰা হৈছিল যদিও ওড়িশা আৰু পশ্চিমবংগৰ ৰে’লপথ ছুপাৰ চাইক্লনৰ বাবে বন্ধ থকাত মহাৰাষ্ট্র–নাগপুৰ হৈ ঘূৰাই অনা হয়৷ যাত্রাপথত ৰে’ল বিভাগে শ্রমিক ৰে’লযাত্রীসকলক খাদ্যৰ যোগান ধৰিছে৷ এই বিশেষ ৰে’লখন মহাৰাষ্ট্রত প্রৱেশ কৰাৰ পাছতে এটা ষ্টেচনত নিশাৰভাগত যাত্রীসকলক খাদ্যৰ টোপোলা যোগান ধৰা হৈছিল৷ এই খাদ্য খোৱা প্রায়সংখ্যক যাত্রীয়ে এতিয়া ক’ভিড–১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছত মহাৰাষ্ট্রৰ এই খাদ্যবস্তুৰ পৰাই সংক্রমণ ঘটা বুলি অনুমান কৰিছে একাংশ ক’ৰোনা আক্রান্তই৷ গোলাঘাটত চিকিৎসাধীন হৈ থকা ভুবন শইকীয়া নামৰ ক’ভিড আক্রান্ত ৰোগীজনে এই সম্পর্কত জনায় যে মহাৰাষ্ট্রৰ ষ্টেচনটোত দিয়া খাদ্য তেওঁ খাইছিল যদিও তেওঁৰ লগত থকা পত্নীয়ে খোৱা নাছিল৷

তেওঁৰ পত্নীৰ ছোৱাব টেষ্টৰ ৰিপ’ট ক’ভিড–১৯ নিগেটিভ অহাত খাদ্যৰ পৰা সংক্রমণ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে স্পষ্ট কৰি তুলিছে৷ আনহাতে, চেন্নাইৰ যি অঞ্চলৰ পৰা এই লোকসকল আহিছিল, সেই অঞ্চল ক’ভিড–১৯ সংক্রমণৰ ক্ষেত্রত যথেষ্ট সুৰক্ষিত আছিল বুলি বহুকেইজন আক্রান্তই প্রকাশ কৰিছে৷ একেদৰে একেখন ৰে’লতে অহা লখিমপুৰ, ধেমাজি, ওদালগুৰি, ডিমা হাছাও, ডিব্রুগড়, শিৱসাগৰ আদি জিলাৰ বহু লোকৰ শৰীৰতো ক’ৰোনা সংক্রমণ ঘটা বিষয়টো যথেষ্ট উদ্বেগজনক বুলি বিবেচিত হৈছে৷

কিয়নো এই বিশেষ ৰে’লখনৰ যথেষ্টসংখ্যক যাত্রী ক’ভিড–১৯ আক্রান্ত হিচাপে চিনাক্ত হৈছে৷ ফলস্বৰূপে গোলাঘাটৰ ক’ভিড–১৯ আক্রান্তৰ পৰিসংখ্যা বৃদ্ধিৰ ক্ষেত্রতো হটস্পট ৰাজ্য হিচাপে পৰিগণিত মহাৰাষ্ট্রৰ সংযোগ পোহৰলৈ আহিছে৷ ইফালে, নিশাৰ ভাগত প্রকাশ পোৱা তথ্য অনুসৰি নতুনকৈ গোলাঘাটৰ ২৭জন লোকৰ শৰীৰত ক’ৰোনা পজিটিভ পোৱা গৈছে৷ এই লোকসকলৰ বিতং তথ্য অথবা ট্রেভেল হিষ্ট্রী এইপর্যন্ত পোহৰলৈ অহা নাই যদিও জিলাখনৰ পৰিস্থিতি অতিকে ভয়াৱহ হৈ পৰিছে৷ এনে ক্ষেত্রত পৰৱর্তী সময়ত মহাৰাষ্ট্রৰ পৰা অহা ৰে’লসমূহৰ ক্ষেত্রত ৰাজ্যৰ স্বাস্থ্য বিভাগ যথেষ্ট সতর্ক হোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷

You might also like