নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ’ৰাৰ সন্মুখত বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ আছু কৰ্মী আৰু শিক্ষাৰ্থীয়ে ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড় জিলাৰ আছুৰ বিষয়ববীয়াক চাবুৱাৰ পৰা “কা” বিৰোধী আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰাৰ বাবে আটক কৰাৰ বাবে এই প্ৰতিবাদ সাৱ্যস্ত কৰে । লক্ষণীয় যে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা দেখুৱাবলৈ যোৱাৰ সময়তে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা লিখন বৰুৱাৰ লগতে অন্য ছজন আছুকৰ্মীক আটক কৰে । গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণ কৰা আছু কৰ্মী সকলক মুক্তি কৰাৰ দাবীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এক ঘন্টাৰো অধিক সময় পথত অৱস্থান কৰি পথচোৱা অৱৰোধ কৰি ৰাখে । ‘বিজেপি গ’ বেক, অসম পুলিচ হায় হায়, ফেচীবাদী বিজেপি চৰকাৰ নিপাত যাওক, সৰ্বানন্দ সোণোৱাল হায় হায়, ৰঞ্জিত দাস হায় হায়, বিজেপিৰ কাম নাই, ছাত্ৰ ঐক্য জিন্দাবাদ, ছাত্ৰ আজি ৰাজপথত সৰ্বা তোমাৰ কাম নাই, ইনক্লাৱ জিন্দাবাদ, সংগ্ৰাম চলিছে-জুঁই জ্বলিছে আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী তোলে ।
ঘটনাস্থলীত ডিব্ৰুগড় জিলা অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা, ডিব্ৰুগড় সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল শইকীয়া উপস্থিতহৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ যত্ন কৰে যদিও প্ৰতিবাদকাৰীৰ নাচোৰবান্দা স্থিতিৰ আগত হেয় প্ৰতিপন্ন হয় আৰক্ষীৰ চেষ্টা । প্ৰতিবাদস্থলীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন দত্ত, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ, ছাত্ৰনেতা অমিত ৰণি গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী উপস্থিত থাকে । ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উদ্দীপজ্যোতি গগৈয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ গণতান্ত্ৰিক আন্দোলনকাৰীক এনেদৰে গ্ৰেপ্তাৰ কৰাটো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰে । বিজেপি নেতৃত্বাধীন চৰকাৰ তথা প্ৰশাসনে কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নেতা সকলক মুক্তি দিব লাগিব অন্যথা পথ অৱৰোধ কাৰ্যসূচী চলাই থকাৰ হুংকাৰ দিয়ে ছাত্ৰ নেতাগৰাকীয়ে । উল্লেখ্য যে, এঘণ্টীয়া প্ৰতিবাদৰ অন্তত আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰী দলটোক মুক্তি দিয়াৰ লগে লগে প্ৰতিবাদী কাৰ্যসূচী সামৰণি পৰে ।