নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু, সত্র মহাসভা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে জাতিৰ বাবে কৰিব নোৱাৰা কাম শ্রীমন্ত শংকৰদেৱ সংঘই কৰি দেখুৱাইছেঃ কমলাকান্ত গগৈ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ  বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রৰ আজি তৃতীয় দিনাৰ প্রথম কার্যসূচী পৰিৱেশ নিকাকৰণ, প্রাতঃপ্রসংগ আৰু নাম–প্রসংগৰ পাছত পুৱা ৯ বজাত শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল পতাকা উত্তোলন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ কয় যে আছু, সত্র মহাসভা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে জাতিৰ বাবে কৰিব নোৱাৰা কাম শ্রীমন্ত শংকৰদেৱ সংঘই কৰি দেখুৱাইছে৷ ইয়াৰ পাছতে মূল মণ্ডপত পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ সভাত উদ্যাপন সমিতিৰ কার্যকৰী সভাপতি মন্ত্রী অতুল বৰাও উপস্থিত থাকে৷ সভা উদ্বোধন কৰে শ্রীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্রনাথ ডেকাই৷ ইফালে, এই সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰুৱে অসমীয়া জনজীৱনক একত্রিত কৰিবলৈ চলোৱা আন্দোলনৰ প্রথমজন পুৰুষেই শ্রীমন্ত শংকৰদেৱ বুলি মন্তব্য কৰে৷ ইয়াৰে পূর্বে ‘চাৰিগোত্র’ক একত্রিত কৰিবলৈ কোনেও চেষ্টা কৰা নাছিল বুলিও তেওঁ উল্লেখ কৰে৷ শংকৰদেৱৰ এই ধাৰাৰ আঁত ধৰিয়েই শ্রীমন্ত শংকৰদেৱ সংঘই সুদীর্ঘ দিন এক নতুন আন্দোলন সৃষ্টি কৰিছে৷ যি আন্দোলনে অসমীয়া সমাজলৈ এক বৈপ্লৱিক পৰিৱর্তন আনিছে৷ সম্পাদকীয় প্রতিবেদন পাঠ কৰি সংঘৰ প্রধান সম্পাদক বাবুল বৰাই বিগত সময়ত জনহিতার্থে কৰা কাম–কাজৰ খতিয়ান দাঙি ধৰে৷

You might also like