নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আৰম্ভ দশম ভূটান-ভাৰত বন্ধুত্ব মেলা আৰু ঐতিহাসিক মাঘমেলা

সম্প্ৰীতিৰ বাণী লৈ আহিছে ভূটানৰ কুৰমালাগা

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ আজিৰে পৰা বাক্সাৰ সুৱনখাটালৈ ভূটান পাহাৰৰ পৰা আহিব কুৰমালাগা ৷ সম্প্ৰীতিৰ বাণী লৈ আহিব ভূটীয়া কুৰমালাগা ৷ বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাত অনুষ্ঠিত ভূটান- ভাৰত বন্ধুত্ব মেলালৈ আহিব ভূটানৰ নাগৰিক ৷ আজিৰে পৰা ২৪ জানুৱাৰীলৈ বাক্সাৰ সূৱণখাটাত অনুষ্ঠিত দশম ভূটান- ভাৰত বন্ধুত্ব মেলা আৰু ঐতিহাসিক মাঘ মেলা।

                    চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু অসম সীমান্তৰ জনসাধাৰণৰ মাজত ব্যৱসায়িক, সাংস্কৃতিক মত-বিনিময়ৰ বাবে অনুষ্ঠিত এই মেলাত ভূটানৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে সাংস্কৃতিক কাৰ্যসুচীও প্ৰদৰ্শিত হ’ব ৷

                      ইতিমধ্যে ভূটান- ভাৰত বন্ধুত্ব মেলা সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ আয়োজক সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ ভূটানৰ বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানে মেলাত অংশগ্ৰহণ কৰাৰ লগতে ফটো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে ৷ ভূটানত নিৰ্মিত বহু সামগ্ৰী মেলা বিক্ৰীৰ বাবে আনে ভূটানৰ লোকসকলে। এই মেলাৰ জৰিয়তে ভাৰত-ভূটানৰ সু সম্পৰ্ক মজবুত কৰা আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰাটোৱেই মূল লক্ষ্য।

আজি পুৱা মেলাৰ মুখ্যদ্বাৰ মুকলি কৰাৰ লগতে দুয়োখন দেশৰ পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ উপৰি বিভিন্ন জনগোষ্ঠীৰ লগতে ভূটীয়া ডেকা-গাভৰুৰ নৃত্যৰে মুখৰিত হ’ব সুৱনখাটাৰ বাকৰি।