নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰত এয়োদশ বাৰ্ষিক নাট্য সমাৰোহৰ 

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : গোৱালপাৰা জিলাৰ আগিয়া ৰামপুৰ বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰত “আণ্ডাৰ দ্যা শাল ট্ৰি”  ২০২২ ত্ৰয়োদশ বাৰ্ষিক নাট্য সমাৰোহ অহা ১৫ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে শুভাৰাম্ভ হব। অসমীয়া নাট্য আন্দোলনৰ অগতানুগতিকতাৰে অন্যতম গুৰিধৰতা প্ৰয়াত বিশিষ্ট পৰিচালক, নাট্যকাৰ শুক্ৰাচাৰ্য্যৰ ৰাভায়ে অক্লান্ত চেষ্টা আৰু পৰিশ্ৰমৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ প্ৰাকৃত পৰিৱেশৰ অকৃত্ৰিম নাট্য মঞ্চত  বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰত গঢ়িউঠা “আণ্ডাৰ দ্যা শাল ট্ৰি” নাট সমাৰোহ  ৰ লগতে বাদুংদুপ্পা কলাকেন্দ্ৰক বিশিষ্ট পৰিচালক, নাট্যকাৰ তথা অভিনেতা প্ৰয়াত শুক্ৰাচাৰ্য্যৰ অৱৰ্ত্তমানত বিগত চাৰিটা বছৰে ৰাভাৰ  পৰিশ্ৰম,ত্যাগ আৰু সপোনক  বাস্তৱ ৰূপদানৰ অহোমপুৰুষাৰ্থ প্ৰচেষ্টা চলাই গৈছে বৰ্তমানৰ  বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰৰ পৰিচালক মদন ৰাভাৰ নেতৃত্বত বাদুংদুপ্পা ৰ শিল্পী কলাকুশঁলী সকলে । তাৰে ফলশ্ৰুতিত  অহা ১৫ ডিচেম্বৰ তাৰিখে ৰাতিপুৱা ৯-৩০ বজাত আণ্ডাৰ দ্যা শাল ট্ৰিৰ শুভ উন্মোচন কৰিব বিশিষ্ট লিখক    আৰু নাট্য গৱেষক ড’ আৰ, কালীচৰন ৰেনঅৱানেদ । সমাৰোহৰ প্ৰথম খন নাট মঞ্চস্হ কৰিব বাদুংদুপ্পা নাট্য কলাকুশলী সকলে পৰিবেশন কৰিব মদন ৰাভাৰ ৰচনা আৰু ধনঞ্জয় ৰাভাৰ পৰিচালনা ত   ৰাভা ভাষাৰ নাট “ৰিচি জলংগকা”  । সমাৰোহৰ প্ৰথম দিনৰ দ্বিতীয় খন নাট  আবেলি ২-৩০ বজাত  প্ৰতীক্ষা খাচনিচৰ ৰচনা আৰু পৰিচালনাত  বেঙ্গলী আৰু মাৰাঠী দ্বিভাষিক নাট  “এলোৰ গান , (চং অফ লাইট “) পৰিবেশন কৰিব টেনি তালেচ থিয়েটাৰৰ শিল্পীসকলে । সমাৰোহৰ দ্বিতীয় দিনৰ প্ৰথম খন নাট  ৰাতিপুৱা ১০ বজাত মঞ্চস্থ কৰিব শ্ৰীলংকা অংগদাৰ নাট্য কৰ্ন্মী সকলে ইংৰাজী ভাষাৰ নাট ” মাই ছুইট ৰটন হেৰিটানচ” ৰচনা আৰু পৰিচালনা অনাসূৰ্য্যা সুভাসিংৰ । আবেলি ২-৩০ বজাত  পশ্চিম বঙ্গ , ২৪ পৰগনাৰ নাট্য কৰ্ন্মী সকলে বেঙ্গলী ভাষাত পৰিৱেশ কৰিব টিটাচ দত্তৰ ৰচনা আৰু পৰিচালনাত ” হিডিম্বা কাথা”  নামৰ নাট খন । সন্ধিয়া ৫-৩০  বজাত  মঞ্চস্থ কৰা হব  ড’ মৃনাল জ্যোতি গোস্বামী পৰিচালনাত , ড’ মৃনাল জ্যোতি গোস্বামী আৰু নম্ৰতা শৰ্ন্মাৰ ৰচনাৰে ” ইৰেন্দিৰাচ মেটামোৰফচিচ” নাট খনৰ । নাট্য সমাৰোহ শেষৰ দিনা ১৭ ডিচেম্বৰ ৰ ৰাতিপুৱা ১০ বজাত  নেহা সিংহৰ পৰিচালনাত  পুৰ্নাভাচু ৰচনা হিন্দী ভাষাৰ নাট ” জহাল কাৰী ” পৰিৱেশন কৰিব মুম্বাই ৰ ৰাহি থিয়েটাৰ শিল্পী কলা-কুশলী সকলে ।  আণ্ডাৰ দ্যা শাল ট্ৰি ২০২২ , তিনিদিনীয়া নাট্য সমাৰোহৰ অন্তিম খন নাট পৰিৱেশন কৰিব ২-৩০ বজাত  আহমেদাবাদ বিমানগৰ থিয়েটাৰৰ শিল্পীসকলে  ৰাজ্জ বাৰত ৰ  পৰিচালনা আৰু পৰেশ ভ্যাচৰ ৰচিত  ” পঞ্চান ভেশ” হিন্দী আৰু গুজৰাটী দ্বিভাষিক নাট খনৰ সামৰনিৰ লগে লগে তিনি দিনীয়া নাই সমাৰোহ অন্ত পৰিল ব ।
  প্ৰেৰক – লক্ষ্মণ কুমাৰ নাথ  আগিয়া ।
You might also like