নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ত নতুন ধাৰাবাহিক ‘চেগুন পাতৰ কুঁহি’

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে সাজু কৰি তুলিছে এখন নতুন ধাৰাবাহিক ‘চেগুন পাতৰ কুঁহি৷’ বিশিষ্ট লেখিকা ড০ ৰত্নোত্তমা দাস বিক্রমৰ উপন্যাসিকা ‘চেগুন পাতৰ কুঁহি’ৰ আধাৰত নির্মাণ হোৱা ধাৰাবাহিকখনৰ চিত্রনাট্য আৰু সংলাপ জনপ্রিয় নাট্যকাৰ জিণ্টু ভট্টাচার্যৰ৷ দহন, প্রতিজ্ঞা, বৈদেহী, অঞ্জলি আদি জনপ্রিয় ধাৰাবাহিকেৰে ৰঙৰ দর্শকক পাৰিবাৰিক সম্পর্কৰ ভিন্ন ৰসৰ সোৱাদ দিয়া জনপ্রিয় পৰিচালক ৰাজীৱ বৰঠাকুৰে এইখন ধাৰাবাহিকেৰে দর্শকক দিব অন্য এক ব্যতিক্রমী সোৱাদ৷ ‘বর্ণালী বৰগোহাঁই আৰু অধিৰ বৰগোহাঁই দুয়ো স্বামী–স্ত্রী৷ চহৰখনৰ অভিজাত পৰিয়ালটোক সকলোৱে সমীহ কৰে৷ বর্ণালী এগৰাকী চিত্রশিল্পী, সেয়েহে সন্তানৰ নামো ৰাখিছে ৰং আৰু তুলি৷ কিন্তু ৰং–তুলিকাৰে কেনভাছত ৰং বোলোৱা বর্ণালীয়ে বাৰু জীৱনটো নিজৰ মতে ৰঙেৰে সজাই তুলিব পাৰিবনে? পাৰিবনে ‘চিত্রশিল্প’ প্রতিটো বিষয় নিখুঁতভাৱে তুলি ধৰা বর্ণালীয়ে সম্পর্কবোৰৰ মাজৰ ৰঙৰ গাঢ়তা ধৰি ৰাখিব৷ ৰং আৰু তুলিয়ে মাক–দেউতাকৰ আধাৰত কেনেকৈ জীৱনটো আগুৱাই নিব বাৰু? বর্ণালীয়ে নিজৰ অস্তিত্ব কিদৰে বজাই ৰাখিব, কি অন্তঃদ্বন্দ্বত ভুগিব?

এনে বহুবোৰ কথাৰ উমান পাবলৈ আপোনালোকে চাব লাগিব আজিৰে পৰা প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৮.৩০ বজাত ৰঙত সম্প্রচাৰ হ’বলগা ধাৰাবাহিক ‘চেগুন পাতৰ কুঁহি’৷ ‘মই মোৰ মাক ভাল নাপাওঁ’– তুলিৰ সংলাপটোৱেই বহু কথা কৈ যায়৷ গতিকে কি ধৰণে ‘মাতৃ আৰু কন্যা’ৰ মাজৰ দ্বন্দ্বই ধাৰাবাহিকখনক এক গতি প্রদান কৰিব সেয়া নিশ্চয়কৈ লক্ষণীয় হ’ব৷

‘চেগুন পাতৰ কুঁহি’ত বর্ণালীৰ চৰিত্রত অভিনয় কৰিছে জুনু নাথে৷ আৰু তেওঁৰ বিপৰীতে আছে উদয়ন দুৱৰা৷ সেইদৰে ‘ৰং’ৰ চৰিত্রত দেখা যাব প্রাঞ্চল শইকয়াক আৰু ‘তুলি’ৰ চৰিত্রত আৰুচি বৰুৱাক৷ তদুপৰি আৰু বহু বিশিষ্ট অভিনেতা–ভিনেত্রীয়ে অভিনয় কৰিছে৷ ভার্গৱ কটকী, প্রতিভা চৌধুৰী, বাবুল কাকতিৰ লগতে মণিকাঞ্চন কোঁৱৰ, টিনামণি গগৈ, মমী গগৈ, জয়শ্রী বর্মন, উজ্জ্বল কুমাৰ, পুচান ভৰদ্বাজ, বিতোপন শইকীয়া, ত্রৈলোক্য বৰুৱা, ৰণজুল বৰুৱা, অনুষ্কা তালুকদাৰ, মানস শর্মা, চাও ৰথিন, নব্যানিটি কাশ্যপ, পনচিতা, বাবলি, আশিস, ৰোহিণী, ধীৰাজ, জয়ন্ত, নিৰুপম, গৌতম ৰাজ, পৰাণ কুমাৰ, হিৰণ্য দেৱশর্মা আদি বহুতো ন–পুৰণি শিল্পীয়ে ধাৰাবাহিকখনত অভিনয় কৰিছে৷

মৰিগাঁও, গুৱাহাটীৰ বিভিন্ন ঠাইত চিত্রগ্রহণ কৰা ধাৰাবাহিকখনত ৰূপসজ্জা কৰিছে মুকেশ পখীয়ে আৰু প্রযোজনা নিয়ন্ত্রণ সমৰজিৎ বর্মনৰ৷ দৃশ্যসমূহৰ চিত্রগ্রহণ কৰিছে প্রণৱ বৰাই (পাপু) আৰু সম্পাদনা হূষীকেশ দাসৰ৷ ইবচনলাল বৰুৱাৰ কথাৰে ‘চেগুন পাতৰ কুঁহি’ৰ শীর্ষগীত সংগীতেৰে সজাইছে চন্দন দাসে আৰু কণ্ঠ ডিম্পী সোণোৱালৰ৷ গ্রাফিক্স ৰাকেশ বর্মন আৰু দীপাংকৰ চহৰীয়াৰ৷ ৰং চেনেলে জন্মলগ্ণৰে পৰা সুকীয়া পৰিচয়েৰে দর্শকক মনোৰঞ্জন দিয়াৰ প্রয়াস কৰি আহিছে৷ গতিকে ‘ৰং’ৰ এই নতুন প্রয়াস, ব্যতিক্রমী পৰিৱেশন ‘চেগুন পাতৰ কুঁহি’কো দর্শকে নিশ্চয় মৰম আৰু সঁহাৰিৰে আদৰি ল’ব৷

You might also like