মেষঃ সাৱধানে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ শৰীৰ বৰ ভালেৰে নাযাব পাৰে৷ বিদ্যাত মজলীয়া ফল৷ খাদ্যাদিত যত্ন লওক৷ প্রেম বিবাদ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
বৃষঃ উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ আর্থিকতো বিশেষ কষ্ট নাপাব৷ বিদ্যাত মনোযোগ দিব পাৰিব৷ ব্যৱসায়ত বেয়া নহ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
মিথুনঃ সামাজিক ক্ষেত্রত উন্নত পৰিৱেশ নাপাব৷ অত্যন্ত শুভ কথাতো আপুনি সন্তোষ কম পাব৷ আর্থিকত ব্যয় বৃদ্ধি পাব৷ শৰীৰৰ দুর্বলতা থাকিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
কর্কটঃ ফৰকাল অনুভৱ কৰিব৷ কর্মক্ষেত্রতো বিশেষ বাধা নাপাব৷ কর্তব্যত আগ্রহ বাঢ়িব৷ শৰীৰৰ বিশেষ সমস্যা নাথাকিব৷ উৎসাহজনক কথাত যোগদান৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
সিংহঃ পশ্চিম দিশত শুভ কার্য কৰিব৷ মানসিক অস্থিৰতা বৃদ্ধি পাব৷ সেউজীয়া ৰং আপোনাৰ বাবে শুভ৷ সন্ধিয়া যাত্রা নকৰিব৷ শুভ ৰং আকাশীনীলা, শুভ সংখ্যা ৫৷
কন্যাঃ আকস্মিক অর্থপ্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব৷ শৰীৰ খুব উন্নত নহ’ব৷ অযথা দুশ্চিন্তা, দূৰাকাংক্ষাই আমনি কৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
তুলাঃদুর্ভাবনা এৰাব নোৱাৰিব৷ অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব৷ কিবা দৰকাৰী কাম আছে যদি সমাধানৰ চেষ্টা ৰাখক৷ শৰীৰ মধ্যম৷ শুভ ৰং ক্রীম বা নীলা, শুভ সংখ্যা ৪৷
বৃশ্চিকঃ আপোনাৰ জাতিশীল কর্মৰ দ্বাৰা ঈপ্সিত আশা পূৰণৰ কাৰক৷ কর্মত মধ্যম৷ দুই–এটা কামত দুশ্চিন্তাও সোমাব৷ উপায়হীনে নতুন আশা দেখিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷
ধনুঃ শৰীৰ সম্পর্কে অলপ সচেতন থাকক৷ আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক৷ কিন্তু দুই–এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব পাৰে৷ শুভ ৰং আকাশীনীলা, শুভ সংখ্যা ২৷
মকৰঃ উন্নত পৰিৱেশ৷ দিনৰ দহ বজাৰ পৰা আৰু কিছু উন্নত৷ আর্থিকত বেয়া দেখা নাযায়৷ শিল্প বিদ্যাত আনন্দ৷ দাম্পত্যত অলপ দুশ্চিন্তা থাকিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
কুম্ভঃ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–গুণা কৰি ল’ব৷ কর্মত নতুন উদ্যম৷ আর্থিকত খৰচ বৃদ্ধি পাব৷ প্রেম–প্রীতিত মধ্যম৷ পঢ়া–শুনাত খেলিমেলি থাকিব৷ শুভ ৰং আকাশী বা ৰঙা, শুভ সংখ্যা ৮৷
মীনঃ পুৱা দহটালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলে কর্মকালত কিবা অশান্তি অনুভৱ কৰিব৷ ঘৰুৱাত শুভ কর্ম সম্পাদন৷ আর্থিকত মজলীয়া৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১১৷