নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ ফেব্রুৱাৰী, ফাগুন মাহৰ ১২ তাৰিখ

মেষঃ খৰচ পাতি ৰোধ কৰাত যত্ন কৰক৷ প্রাপ্য ধন হ’লেও সময়ত হাতলৈ নহাত আহুকালত পৰিব৷ বিদ্যাত বেয়া নহয়৷ প্রেমত বাধা আছে৷ ৰাজনীতিত বিশেষ সতর্ক হওক৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

বৃষঃ মনটো দুর্বল থাকিলেও দুই–এটা দিশৰ পৰা অনুকূল ফল লাভ কৰিব৷ প্রেম–প্রীতিত মধ্যম৷ বিদ্যাত বেয়া নহ’ব৷ দাম্পত্যত দৃঢ়তা থাকিব৷ কর্মস্থানত বাধা কম৷ স্বাস্থ্যও মধ্যম৷ শুভ ৰং ৰঙা, সুভ সংখ্যা ৪৷

মিথুনঃ মনৰ অৱস্থা মধ্যম৷ আশা কৰা কোনো যোগাযোগৰ উন্নতি নেদেখিব পাৰে৷ শৰীৰক অৱজ্ঞা কৰাটো উচিত নহ’ব৷ বিদ্যাত যত্ন থকাটো উন্নত৷ আর্থিক ক্ষেত্রত মজলীয়া৷ কর্মত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

কর্কটঃ অনাহক কথাকো কোনো মুহূর্তত হক কথা বুলি ভাবি অস্থিৰ হ’ব৷ সতীর্থৰ ধৰণ–কৰণ, কথা–বতৰাৰ প্রতি সজাগ থকাটো ভাল৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

সিংহঃ মাজে মাজে অত্যন্ত নিৰাশাত ভোগাসকলে কোনোৱে আশাৰ পোহৰ দেখিব পাৰে৷ শৰীৰো খুব বেয়া নাযায়৷ যোৱা দুই–তিনি দিনৰ তুলনাত আপোনাৰ চেষ্টা সংযোগত উন্নতি হ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷

কন্যাঃ কর্মক্ষমসকলে অসুবিধাৰ মাজেৰেও অগ্রগতি কৰিব পাৰিব৷ বিশাখাৰ জাতকৰ বাহিৰে বাকী দুই নক্ষত্রৰ বাবে ভ্রমণ নতুন যোগাযোগৰ বাবে উপযুক্ত নহ’ব৷ দাম্পত্যতো চিন্তা এৰাব নোৱাৰিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

তুলাঃ আহুকাল কিছু নিষ্প্রভ হ’লেও দুই–এটা সংঘাত এৰাব পৰা টান৷ আৱেগ–প্রৱণতাক সমূলি বিশ্বাসত নল’ব৷ আর্থিক চিন্তাৰ মাজতে কিছু অনুকূল যোগাযোগ থাকিব৷ সুভ ৰং পাতল নীলা, শুভ সংখ্যা ২৷

বৃশ্চিকঃ আজি আপোনাৰ চেষ্টা বা যত্ন কিছু কামত আহিব৷ অপেক্ষাৰত কোনোৱে সু–সংবাদ লাভ কৰিব৷ ধন খৰচ হ’লেও মূলতঃ কামত আহিব৷ ধর্মীয় চিন্তাত অনুপ্রাণিত হ’ব৷ দাম্প্রত্যত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

ধনুঃ প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ শৰীৰ বা পৰিৱেশ মনঃপুত নহ’ব৷ অৱশেষত কোনোৱে নতুন আশা দেখি উৎসাহিত সামান্য হ’লেও হ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷

মকৰঃ অস্থিৰ চিন্তাৰ মাজত হঠাৎ পৰিব পাৰে৷ তেনে সন্তানৰ বাবে প্রস্তুত থাকিলে কোনো মনোকষ্টৰ পৰা উদ্ধাৰ পাব৷ বিদ্যার্থীৰ বাবে সাধাৰণ চিন্তা৷ দাম্পত্যত অসুস্থতা দেখা যায়৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

কুম্ভঃ কর্মক্ষেতত জটিলতা কিছু হ্রাস অনুভৱ৷ আপোনাৰ দূৰদর্শী চিন্তাৰ বাবে সম্ভাব্য কোনো আহুকাল নাপাব৷ বন্ধুবর্গৰ ভালেই৷ দাম্পত্যত থকা উৎকণ্ঠা নিয়ন্ত্রিত হ’ব৷ মনলৈ দৃঢ়তা আনক৷ পঢ়াত মধ্যম৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

মীনঃ শৰীৰ বা মনৰ সংঘাত দেখা যায়৷ কিছুমান পূর্ব কথাৰ বাবে অংক মিলাব পৰাটো কষ্ট হ’ব৷ দাম্পত্যত মধ্যম৷ হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰো বুলিও অলপ বাধাগ্রস্ত হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

You might also like