নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা তেজপুৰত অসম প্রকাশন পৰিষদৰ সেউজ গ্রন্থমেলা

চাহ জনগোষ্ঠীক প্রতিনিধিত্ব কৰা এশ বিশিষ্ট প্রতিনিধি নির্বাচিত

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ আজিৰ পৰা ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ নেহৰু ময়দানত (চার্চ ফিল্ড) চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা অসম প্রকাশন পৰিষদৰ ‘দ্বিতীয় সেউজ গ্রন্থমেলা’ৰ স্থলীত চাহ জনগোষ্ঠীক প্রতিনিধিত্ব কৰা এশজন বিশিষ্ট লেখক–সাহিত্যিকে অংশগ্রহণ কৰিব ৷ শুকুৰবাৰে তেজপুৰৰ আবর্ত ভৱনৰ সভাকক্ষত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই ৷ উল্লেখ্য যে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহযোগত দ্বিতীয়বাৰৰ বাবে প্রায় ৬০ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এই ‘দ্বিতীয় সেউজ গ্রন্থমেলা’ৰ বিস্তৃত কার্যসূচী সংবাদ মেলখনত সদৰী কৰে সচিব প্রমোদ কলিতাই ৷ জানিবলৈ দিয়া মতে, এই গ্রন্থমেলাত অংশগ্রহণ কৰিব লগা লেখক–সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিসকল হ’ল সঞ্জয় কুমাৰ তাঁতী (তেজপুৰ), দেৱেন চন্দ্র তাছা (যোৰহাট), ড০ কমল কুমাৰ তাঁতী (শিৱসাগৰ), সুশীল কুম্ (তেজপুৰ), অঞ্জলি কর্মকাৰ (গুৱাহাটী), ধনীৰাম কুম্ (বোকাখাত), নকুল কুম্ (বালিপাৰা), সঞ্জীৱ কৈৰী (ডিব্রুগড), বসন্ত ৰাজোৱাৰ (নাজিৰা), গুণীন চন্দ্র দাস (নুমলীগড়), অৰুণ কোঁৱৰ (তিতাবৰ), অর্জুন তেলী (শিৱসাগৰ), গৌতম গোৱালা (বিশ্বনাথ), ৰেণু গোৱালা (শিৱসাগৰ), গোলাপ তংলা (নগাঁও), ৰাজু কুম্ (মাকুম), অশোক কুম্ (ঢ়েকীয়াজুলি), প্রদীপ তাঁতী (শিলচৰ), হেমন্ত মাহাতো (ওৰাং), বেণুধৰ তাছা (নগাঁও), গোলোক কুম্ (বিশ্বনাথ), জীৱন কুম্ (বিহপুৰীয়া), মাখনলাল বাঢ়ৈ (গোলাঘাট), হৰিবোল্লা কালিন্দী (বোকাখাত), মাণিকলাল মাহাতো (যোৰহাট), সুশীল চূডী (সোণাৰি), বৰুণ ৰাজোৱাৰ (নাজিৰা), দয়ানন্দ শ্বাহ (ডিব্রুগড়), নগেন কুমাৰ (তিনিচুকীয়া), সুৰেশ বৰাইক (কাছাৰ), সুৰেশ নন্দা (ডিব্রুগড়), থানেশ্বৰী কুম্ গঞ্জু (বিহালী), লক্ষীধৰ কুম্ (ডিব্রুগড), ভোলাৰাম ৰাডতীয়া (ঢ়েকীয়াজুলি), সোমেশ্বৰ ওৰাং (বিশ্বনাথ), দীলেশ্বৰ তাঁতী (তিনিচুকীয়া), ৰূপসিং ভূমিজ (বিশ্বনাথ), যোগেশ্বৰ তংলা (বিশ্বনাথ), বৈশাগু ৰয় (বিহালী), প্রসাদ নাগবংশী (কার্বি আংলং), বানেশ্বৰ মির্ধা (লখিমপুৰ), ৰমাকান্ত গড, জিন্তু তাঁতী (মৰিয়নি), সুৰেশ কালিন্দী (বৰবৰুৱা), প্রাণেশ্বৰ লুম্গা (মাজবাট), ভুবনেশ্বৰ কুম্ (মাজবাট), কুলমন কর্মকাৰ (বোকাখাত), প্রতিভা দাস (বিশ্বনাথ), লিখনেশ্বৰ ঘাটোৱাৰ (গুৱাহাটী), আনন্দ গোৱালা (গুৱাহাটী), গৌতম পাটনায়ক (গুৱাহাটী), ৰাজু চাহু (মাকুম), দ্বিপচন্দ্র সৎনামী (ঢ়েকীয়াজুলি), দৌলত ৰাজোৱাৰ (ৰঙাপৰা), পদুমী গাজলু (বোকাখাত), ৰীতা গোৱালা (সাপেখাতী), ৰাজু কুম্ (ডিব্রুগড), অনিল তাঁতী (শিৱসাগৰ), তোলন তাছা (নগাঁও), দিলীপ বৰাইক (নগাঁও), ৰাজু ৰাডতীয়া (নগাঁও), অঞ্জনা পাহাৰীয়া (নগাঁও), কপিল কুমাৰ (নগাঁও), বীণা কালিন্দী (নগাঁও), প্রতিমা ৰাজোৱাৰ দিগাল (নগাঁও), দীপাৱলী কুম্ (ডিব্রুগড), জিৎৰাম তাঁতী (মৰাণ), জয়ন্ত কুম্ (সোণাৰি), ৰঞ্জিত বাডৰী, মীনাক্ষি কুম্ (গোলাঘাট), দ্বিজেন্দ্র নাৰায়ণ ৰাডত (যোৰহাট), বিজয় কর্মকাৰ (তিতাবৰ), ৰাজেন ৰোহিদাস (বিন্দুকুৰি), বিপিন তাঁতী (চিৰাজুলি), সুশীলা ৰাজবংশী (ডিব্রুগড), সোমেশ্বৰ বাঢ়ৈ (বাদুলিপাৰা), নবীন কুৰ্মী (সোণাৰি), মিলন কুৰ্মী (বৰপথাৰ), প্রকাশ কুৰ্মী (মৰাণ), ভবেন চাহু (বিশ্বনাথ), ৰাজেন ভূমিজ (বিশ্বনাথ), হালচাই খাৰোৱাৰ (বিহালী), দয়াৰাম গোৱালা (নগাঁও), উদান চহৰীয়া (নগাঁও), স্বপন মাহালী (পাণবাৰী), মিণ্টু হেমব্রম (ঢ়েকীয়াজুলি), আত্মাৰাম কুমাৰ (মৰাণ), ললিতা কুৰ্মী (বিহালী), সঞ্জয় দিগাল (নগাঁও), ৰুবী কুম্ (জামুগুৰি), লৱ ভূঞা (বিশ্বনাথ), মিণ্টু বাঢ়ৈ (মৰাণ), মিণ্টু মিঞ্জুৰ (লখিমপুৰ), বিশ্বজিৎ মিঞ্জ (তেজপুৰ), মুৰুলীধৰ কুৰ্মী (বিহালী), সাগৰ খন্দাইত (বিহালী) আদিৰ গ্রন্থমেলাৰ ঘোষিত কার্যসূচী অনুসৰি কাইলৈ বিয়লি ৪ বজাত গ্রন্থমেলাৰ ডদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ডক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে স্থানীয় সাংসদ পল্লৱলোচন দাস, বিশিষ্ট অতিথি হিচাপে স্থানীয় বিধায়ক বৃন্দাবন গোস্বামী, সন্মানীয় অতিথি হিচাপে মাজুলী সাংসৃকতিক বিশ্ববিদ্যালয়ৰ ডপাচার্য ড০ ডম্বৰুধৰ নাথ আৰু বিশিষ্ট লেখক তথা পুৰাতত্ত্ববিদ ড০ সতীশ চন্দ্র ভট্টাচার্য সন্মানীয় অতিথি হিচাপে ডপস্থিত থাকিব৷ ইয়াৰ পূর্বে বিয়লি ২ বজাৰ পৰা ছাত্র–ছাত্রীসকলৰ মাজত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ’বৰ সন্ধিয়া ৫.৩০ বজাৰ পৰা সাংসৃকতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ডক্ত অনুষ্ঠান ডদ্বোধন কৰিব বিশিষ্ট শিল্পী ডিব্রুগডৰ শিৱচৰণ দাসেৰ৷ ২৩ ফেব্রুৱাৰীৰ দিনৰ ১১ বজাৰ পৰা ছাত্র–ছাত্রীসকলৰ মাজত আকস্মিক বত্তৃণতা, কবিতা আবৃত্তি, গ্রন্থ আলোচনা আৰু সংবাদ লেখন প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ ডক্ত প্রতিযোগিতা ডদ্বোধন কৰিব শোণিতপুৰ জিলাৰ ডপায়ুক্ত মানবেন্দ্র প্রতাপ সিঙে৷ দিনৰ ১১ বজাৰ পৰা দেডৰাম তাছা সভাগৃহত ‘চাহ জনগোষ্ঠীৰ সমাজ গঠন প্রক্রিয়া আৰু ডত্তৰণত নাৰায়ণ ঘাটোৱাৰ, মেঘৰাজ কর্মকাৰ আৰু দেডৰাম তাছাৰ অৱদান’ শীর্ষক বিষয়ৰ এক আলোচনা–সত্র মাণিকলাল মাহাতোৰ সঞ্চালনাত অনুষ্ঠিত হ’ব৷ চাহ জনগোষ্ঠীয় লেখক সুশীল কুম্য়ে ডদ্বোধন কৰিবলগীয়া এই আলোচনা–সত্রত দেৱেন চন্দ্র তাছা, ড০ মাণিক শইকীয়া আৰু ঢ়েকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰীয়ে আলোচক হিচাপে অংশগ্রহণ কৰিব৷ দিনৰ ১১.৩০ বজাৰ পৰা শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভা আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ যৌথ ডদ্যোগত এক সাহিত্যানুষ্ঠান অনুষ্ঠিত হ’ব৷ বিয়লি ২ বজাৰ পৰা ‘চাহ জনগোষ্ঠীয় সমাজত প্রচলিত আৰু কথিত ভাষা ঃ সংৰক্ষণ আৰু বিকাশৰ চিন্তা’ শীর্ষক আলোচনা–সত্র সঞ্জয় কুমাৰ তাঁতীৰ সঞ্চালনাত অনুষ্ঠিত হ’বৰ ডক্ত আলোচনা–সত্রত অধ্যাপিকা ড০ জ্যোৎস্না শর্মা বেজবৰুৱা, ড০ ভাস্কৰজ্যোতি শর্মা, পদুমী গাজলু আৰু অঞ্জলি কর্মকাৰে আলোচক হিচাপে অংশগ্রহণ কৰিবৰ বিয়লি চাৰি বজাত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ডদ্যোগত কবি সন্মিলন ড০ কমল কুমাৰ তাঁতীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব৷ ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই ডদ্বোধন কৰিব লগা এই কবি সন্মিলনত ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ বহুকেইজন প্রতিষ্ঠিত কবিয়ে অংশগ্রহণ কৰিব৷ সন্ধিয়া পাঁচ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সাংসৃকতিক অনুষ্ঠান ডদ্বোধন কৰিব বিশ্বকর্মা কাঁৱাৰে৷ ২৪ ফেব্রুৱাৰীৰ দিনৰ ১১ বজাৰ পৰা ‘সাহিত্যত চাহ জনগোষ্ঠীয় সমাজ–সংসৃকতিৰ প্রতিফলন’ শীর্ষক আলোচনা–সত্র তেজপুৰ সাহিত্য সভাৰ ডপদেষ্টা হেমন্ত কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব৷ ডক্ত আলোচনা–সত্রত ড০ জ্যোতিৰেখা হাজৰিকা, লক্ষীন্দৰ কুম্, ড০ দিগন্ত গগৈ, দীপাৱলী কুম্ আৰু ভাস্কৰজ্যোতি নাথে আলোচক হিচাপে অংশগ্রহণ কৰিব৷ ইয়াৰ সমান্তৰালভাৱে দেডৰাম তাছা সভাগৃহত ‘অৰুণোদয় কবিতাৰ অনুষ্ঠান’ অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানত সমালোচক হিচাপে অংশগ্রহণ কৰিব৷ বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে অংশগ্রহণ কৰিব আৰু অৰুণোদয় গ্রন্থৰ পৃথিৱীৰ দ্বাৰা প্রকাশিত কাব্য সংকলন ‘এজাক সপোন যেন বৰষুণ’ ডন্মোচন কৰা হ’ব৷ বিয়লি তিনি বজাত ‘অসমীয়া সৃজনীশীল সাহিত্যত চাহ জনগোষ্ঠীয় জীৱন’ শীর্ষক বিষয়ৰ এখন আলোচনা–সত্র ড০ জয়ন্ত মাধৱ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ চাৰু চহৰীয়া নাথে ডদ্বোধন কৰিবলগীয়া এই আলোচনা–সত্রত জুৰী বৰা বৰগোহাঞি, বিশ্বজ্যোতি শর্মা আৰু বিপাশা বৰা আলোচক হিচাপে ডপস্থিত থাকিব৷ সন্ধিয়া ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সাংসৃকতিক সন্ধিয়া ডদ্বোধন কৰিব৷ বিশিষ্ট অনাতাঁৰ শিল্পী দুর্গাময়ী বৰাই৷ ২৫ ফেব্রুৱাৰীৰ দিনা পুৱা ১০ বজাত ড০ অৰিন্দম শর্মাৰ সঞ্চালনাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা আহিবলগীয়া ডেৰ কুৰিৰো অধিক যুৱ সাহিত্যিকৰ অংশগ্রহণেৰে ‘যুৱ লেখক সমাৰোহ’ অনুষ্ঠিত হ’ব৷ বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সম্বর্ধনা আৰু বঁটা প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে, বিত্ত–স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা আৰু গডকাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা সন্ন্দানীয় অতিথি হিচাপে, চাহ জনজাতি কল্যাণ (স্বতন্ত্র) আৰু শ্রম বিভাগৰ ৰাজ্যিক মন্ত্রী সঞ্জয় কিষাণ, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰী আৰু অনুৰাধা শর্মা পূজাৰী বিশিষ্ট অতিথি হিচাপে ডপস্থিত থাকিব৷ সন্ধিয়া ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সাংসৃকতিক অনুষ্ঠান ডদ্বোধন কৰিব বিশিষ্ট শিল্পী ৰাম চাচনীয়ে৷ ইফালে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ ডদ্যোগত আয়োজিত দ্বিতীয় সেডজ গ্রন্থমেলা ডপলক্ষে চাহ জনগোষ্ঠীৰ তিনিগৰাকী সাহিত্য ক্ষেত্রৰ বিশিষ্ট ব্যক্তিলৈ সেডজ গ্রন্থমেলাৰ সামৰণিৰ দিনাৰ সভাত সন্মান আগবঢ়োৱা হ’ব ৷

You might also like