নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পুনৰ ডিচাৰ্জ দিয়া হ’ল সুস্থ হৈ উঠা ৫গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীক

 নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ আজি পুনৰ MMCHৰ পৰা মুকলি কৰি দিয়া হ’ল ৪গৰাকী সুস্থ হৈ উঠা ক’ৰোনা আক্ৰান্ত ৰোগী। এক সংবাদমেলযোগে ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি মুক্তি লাভ কৰা লোককেইজন-মহম্মদ মফিজুদ্দিন (বকো),  জমিলা খাতুন (জাগীৰোড), আশ্ৰফ আলী( দক্ষিণ শালমাৰা) আৰু আনজন মহম্মদ চাৰুফ (উত্তৰ প্ৰদেশ)। বহুকেইটা পৰীক্ষাৰ ফলাফল নিগেটিভ ওলোৱাত সুস্থ ঘোষণা স্বাস্থ্য বিভাগৰ। আনহাতে GMCHৰ পৰাও মুক্তি দিয়া হ’ব আন এজন ৰোগীক।

আনহাতে অসমত ক্ৰমান্বয়ে হ্ৰাস পাইছে ৰোগীৰ সংখ্যা মুঠ ৩৪গৰাকী ৰোগীৰ ভিতৰত এগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে বহুকেইজন। ইতিমধ্যে ১৭গৰাকী সুস্থ হৈ উঠা ৰোগীক ডিচাৰ্জ দিয়া হৈছে হাস্পতালৰ পৰা।  আজি MMCHৰ পৰা মুক্তি লাভ কৰা আটাইকেইজনেই তবলিগী জামাতৰ পৰা আহিছিল আৰু আটাইকেইজনকেই ১৪দিনৰ বিশেষ পৰীক্ষণত ৰখা হ’ব বুলিও মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like