নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ দেশত নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতে ক’ৰোনা সংক্ৰমিত কৰাৰ ভয়াৱহ তথ্য ফাদিল হোৱাৰ পাচতেই এতিয়া আতংক বিৰাজ কৰিছে অসমত । অসমত মুঠ ২৬ জন আক্ৰান্তৰ ২৫ জনেই নিজামুদ্দিন মাৰ্কাজৰে জড়িত ।
ইফালে, দিল্লীৰ পৰা অহা একাংশ জামাতীয়ে এতিয়া আত্মগোপন কৰি থকা বিষয়টোৱে সাধাৰণজনৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি । চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অনুৰোধ কৰাৰ পাচতো একাংশই যোগাযোগ কৰা নাই স্বাস্থ্যবিভাগৰ সৈতে । দেওবাৰে এইসকলৰ প্ৰতি শেষ সকীয়নি প্ৰদান কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
যিসকল এতিয়াও নিজে ওলাই অহা নাই সেইসকলক বিচাৰি আৰক্ষী প্ৰশাসনে আৰম্ভ কৰিব অভিযান । যিসকল লোকে এইসকলক সুবিধা প্ৰদান কৰি আছে অথবা আত্মগোপন হৈ থকাত সহায় কৰিছে সেইসকলৰ লগতে গাঁওখনৰ বিৰুদ্ধেও ফৌজদাৰী গোচৰ ৰুজু কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।