নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ আজিৰ দিনটো

মেষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ বিয়াৰ প্রস্তাৱ পাব পাৰে৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷ আজি টকা আনক ধাৰলৈ নিদিব৷ চাকৰিয়ালৰ শুভ৷ শিক্ষার্থীৰ বাধা আছে৷ প্রতিকাৰ– শিৱ মন্দিৰত থকা ভিক্ষাৰীক ৰঙা ৰঙৰ ফল বা মিঠাই খুৱাব৷

বৃষ : শুভ ৰং হালধীয়া, সংখ্যা ৫৷ পুৰণা মোকর্দমাত জয়ী হোৱাৰ আশা আছে৷ অনাকাংক্ষিত সমস্যাত পৰিব পাৰে, শৰীৰ সুস্থ থাকিব৷ টকা–পইচাৰ অভাৱ পাব৷ প্রতিকাৰ– গৃহলক্ষ্মীৰ আৰাধনা কৰিব৷ লো দান কৰিব পাৰে৷

মিথুন : শুভ ৰং সেউজীয়া, সংখ্যা ৭৷ ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব৷ শিক্ষার্থীৰ শুভ৷ হাতলৈ টকা–পইচা আহিব৷ পৰি আঘাত পাব পাৰে৷ প্রতিকাৰ– ঘৰৰ মূল দর্জাৰ ওচৰত এটা পাত্রত পানী ৰাখি তাত ফুল দি ৰাখিব৷

কর্কট : শুভ ৰং ৰঙা, সংখ্যা ৬৷ বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব৷ শুভ কাম আৰম্ভ কৰিব পাৰে৷ ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব৷ টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব৷ প্রতিকাৰ– তুলসীৰ তলত জল ঢ়ালি ধূপ–চাকি জ্বলাই লক্ষ্মীনাৰায়ণক চিন্তা কৰিব৷

সিংহ : শুভ ৰং গুলপীয়া, সংখ্যা ৮, আনক সহায় কৰি সন্মান পাব৷ চোৰ–ডকাইতৰ পৰা সাৱধান হ’ব৷ ঘৰৰ মূল্যৱান সম্পত্তি হেৰুৱাব পাৰে৷ অর্থৰ নাটনি হ’ব৷ প্রতিকাৰ– ঘৰ পৰিষ্কাৰ কৰি গৃহলক্ষ্মীক আৰাধনা কৰিব৷

কন্যা : শুভ ৰং নীলা, সংখ্যা ৯, ব্যৱসায়ীৰ উন্নতিৰ যোগ৷ শত্রুৰ পৰা সাৱধান৷ খৰচ বাঢ়িব৷ অচিনাকি লোকৰ পৰা দূৰত থাকিব৷ প্রতিকাৰ– ঘিউৰ চাকি জলাই তাত পানৰ পিপলি এটা দি ৰাখিব৷

তুলা : শুভ ৰং আকাশী নীলা, সংখ্যা ৮, দুর্ঘটনা ঘটিব পাৰে৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ বিদ্যাত উন্নতি হ’ব৷ চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব৷ প্রতিকাৰ– শনি মন্দিৰত ধূপ–চাকি জলাই শনিৰ স্তব পাঠ কৰিব৷

বৃশ্চিক : শুভ ৰং গেৰুৱা, সংখ্যা ৪৷ অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে৷ আনক সহায় কৰি সন্মানিত হ’ব৷ চাকৰি স্থায়ীকৰণ হ’ব৷ কর্মত নিযুক্তি হ’ব৷ প্রতিকাৰ– হনুমান মন্দিৰত ফল দিয়ক৷

ধনু : শুভ ৰং নীলা, সংখ্যা ৭, দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব৷ শুভ কাম আজি নকৰাই ভাল হ’ব৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব৷ শিক্ষার্থীৰ শুভ৷ প্রতিকাৰ– ক’লা তুলসী পাতত বগা চন্দন লগাই শ্রীবিষ্ণুৰ চৰণত দিব৷

মকৰ : শুভ ৰং ৰঙা, সংখ্যা ৫, স্বাস্থ্যৰ প্রতি অধিক যত্ন লওক৷ অর্থহানিৰ যোগ দেখা যায়৷ পৰিয়ালত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ’ব৷ লাভ বৃদ্ধি হ’ব৷ প্রতিকাৰ– সূর্যদেৱতাক স্মৰণ কৰি জল অর্পণ কৰক৷

কুম্ভ : শুভ ৰং হালধীয়া, সংখ্যা ৩, শুভ কাম কৰাৰ সিদ্ধান্ত হ’ব পাৰে৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ চাকৰিৰ বাবে চেষ্টা কৰক ফল পাব৷ প্রতিকাৰ– মন শুদ্ধ কৰি গণেশ দেৱতাৰ চৰণ চিন্তা কৰক৷

মীন : শুভ ৰং নীলা, সংখ্যা ২, আত্মীয়ৰ কাৰণে সমস্যাত পৰিব৷ সাংসাৰিক অশান্তি বাঢ়িব৷ সন্তানৰ কাৰণে আনৰ কথা শুনিব লগা হ’ব পাৰে৷ হাতলৈ টকা আহিব, কিন্তু খৰচ বৃদ্ধি পাব৷ প্রতিকাৰ– ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি চাৰি কোণত চাৰিডাল ধূপ জলাই সূর্যলৈ চাই পানী ঢ়ালিব৷

You might also like