নিয়মীয়া বার্তা,২৩ ফেব্রুৱাৰীঃ কামৰূপ জিলাৰ আমৰাংগা–বৰিহাট মীন পাম প্রশিক্ষণ কেন্দ্রত কেইবা লাখটকীয়া মাগুৰ মাছৰ পোনা উৎপাদন গৃহ নির্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দর্ভত যোৱা ১৯ ফেব্রুৱাৰীত কেইবাগৰাকী স্থানীয় নাগৰিকে উক্ত কেন্দ্রত উপস্থিত হৈ এই গৃহ নির্মাণৰ কাম বন্ধ কৰে৷ ইয়াক কেন্দ্র কৰি উক্ত কেন্দ্রত উত্তেজনাৰ সৃষ্টি হয়৷ উল্লেখ্য যে উক্ত কেন্দ্রত অসমৰ ভিতৰত উন্নত জাতৰ মাগুৰ মাছৰ পোনা উৎপাদন কৰাৰ এক বিজ্ঞানসন্মত পদ্ধতি আছে৷ তেনেস্থলত গ্রাহক তথা ব্যৱসায়িক ক্ষেত্রখনত ফেৰ মাৰিব পৰাকৈ পূর্বৰ বিজ্ঞানসন্মত পদ্ধতিৰে মাগুৰ মাছৰ পোনা উৎপাদনৰ কেইবাটাও কোঠা আছে যদিও প্রয়োজন অনুসৰি কম৷ যাৰবাবে শেহতীয়াভাৱে এই কোঠা বৃদ্ধি কৰাৰ লক্ষ্যৰে চৰকাৰে বিভাগীয় কর্তৃপক্ষলৈ কেইবালাখ টকা ধার্য কৰে৷ সেই মতে, বর্তমান ঠিকাদাৰে বিভাগীয় নীতি–নিয়ম অনুসৰি গৃহৰ কাম নির্মাণ নকৰাৰ অভিযোগত সিদিনা স্থানীয় নাগৰিকে ঘটনাস্থলীত উপস্থিত হৈ এই কাম বন্ধ ৰাখিবলৈ কর্মচাৰীসকলক নির্দেশ দিয়ে৷ অভিযোগ মর্মে, আঠটা কোঠাৰে বিজ্ঞানসন্মতভাৱে নির্মাণ কৰিবলগীয়া এই মাগুৰ মাছৰ পোনা উৎপাদন গৃহ নির্মাণত ঠিকাদাৰে নিম্নমানৰ ইটা, ৰড, চিমেণ্ট আদি ব্যৱহাৰ কৰিছে৷ আনকি এই গৃহৰ কোনো মাটি পূৰ নকৰাকৈ বেৰ নির্মাণৰ নামত তলত নিম্নমানৰ ইটা, চিমেণ্ট, ৰডেৰে বীম নির্মাণ কৰিবলৈ উঠিপৰি লাগিছে৷ মুঠতে এই গৃহ নির্মাণত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই৷ যাৰবাবে উপস্থিত লোকে ঠিকাদাৰৰ বিৰুদ্ধে এক ক্ষোভ প্রকাশ কৰে৷ আনহাতে, এই কেন্দ্রতে কার্যালয়ৰ বাবে ব্যৱহাৰ কৰিবলগীয়া আন এটা গৃহৰ উন্নতি সাধন কৰাৰ নামত চৰকাৰে প্রায় ২২লাখ টকা ধার্য কৰাত ঠিকাদাৰে কাম চলাই গৈছে যদিও এই গৃহতো অনিময় সংঘটিত হোৱাৰ অভিযোগ৷ এই দুয়োটা ঘটনাৰ এক তদন্ত কৰিবলৈ উপস্থিত লোকে বিভাগীয় কর্তৃপক্ষক আহ্বান জনায়৷ অনাগত সময়ত বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব ৷