নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত মঙলবাৰে দুটাকৈ আইইডি উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই । আৰক্ষীয়ে ইতিমধ্যে সমগ্র ঘটনাৰ লগত জড়িত আলফাৰ দুর্ধর্ষ সদস্য ৰক্তিম গগৈক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷
দুটাকৈ আইইডি থানাৰ নাতিদূৰৈত কিদৰে সংস্থাপিত হ’ল, তাক লৈ স্বাভাৱিকতে প্রশ্ন উত্থাপিত হৈছে৷ মন কৰিবলগীয়া যে যোৱা মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে ৰক্তিম গগৈ ওৰফে বাখৰ অসম নামৰ আলফা (স্বাধীন)ৰ সদস্যজনক গ্রেপ্তাৰ কৰিছিল৷ গ্রেপ্তাৰৰ পূর্বে ৰক্তিমেই গুৱাহাটীত সংস্থাপন কৰিছিল আইইডি দুটা৷
আৰক্ষীৰ সূত্রই প্রকাশ কৰা মতে, ৰক্তিম গগৈয়ে নৈশবাছত তিনিচুকীয়াৰ পৰা আহি মহানগৰীৰ পাণবজাৰৰ যশোৱন্ত পথৰ ভৰালী ব্রাদার্ছৰ সমীপৰ ডাষ্টবিনত এটা আইইডি স্থাপন কৰাৰ বিপৰীতে আন এটা আইইডি স্থাপন কৰিছিল পল্টন বজাৰ থানাৰ কাষৰ গুৱাহাটী ৰে’ল ষ্টেচন পথত৷ আইইডি দুটা স্থাপন কৰিয়ে পুনৰ তিনিচুকীয়ালৈ উভতি যোৱা ৰক্তিম গগৈ তিনিচুকীয়া আৰক্ষীৰ হাতত ধৰা পৰিছিল৷
লক্ষণীয়ভাৱে আৰক্ষীৰ হাতত ধৰা পৰাৰ পূর্বে আলফা সদস্যজনে বৃহস্পতিবাৰে বিস্ফোৰিত হ’ব পৰাকৈ আইইডি দুটাত টাইমাৰ সংযোজিত কৰিছিল৷ ইতিমধ্যে আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত বোমা সংস্থাপনৰ কথা স্বীকাৰ কৰিছে আলফা সদস্যজনে৷
উল্লেখ্য যে ২০১৮ চনত আলফাত যোগদান কৰা ৰক্তিম গগৈয়ে যোৱা সময়ছোৱাত ম্যানমাৰৰ শিবিৰত প্রশিক্ষণ লৈ আহিছিল৷ গুৱাহাটীত বিস্ফোৰণৰ উদ্দেশ্যে ২৭ জানুৱাৰীত ম্যানমাৰৰ আৰাকান শিবিৰৰ পৰা নামি আহি তিনিচুকীয়াত বাহৰ পাতিছিল৷ ১ ফেব্রুৱাৰীত গুৱাহাটীলৈ আহি ২ ফেব্রুৱাৰীত আইইডি দুটা সংস্থাপন কৰিছিল৷ বোমা সংস্থাপন কৰি তিনিচুকীয়ালৈ উভতি যাওঁতে ৩ ফেব্রুৱাৰীত আৰক্ষীৰ হাতত ধৰা পৰে৷