নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ক’ভিড – ১৯ ৰ ভয়াৱহ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা স্বাস্থ্য বিভাগৰ আশাকৰ্মীসকললৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অহা তিনি মাহৰ বাবে প্ৰতিগৰাকী আশাকৰ্মীক মাহেকীয়া পাৰিতোষিকৰ সৈতে এহেজাৰ টকাকৈ অতিৰিক্ত বানচ আগবঢ়াব ।
বুধবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীৰ সেই অতিৰিক্ত বানচ প্ৰদানৰ বিষয়টো আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৰাজ্য়ৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যখনত ক’ভিড- ১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্যবিভাগ সষ্টম বুলি উল্লেখ কৰি কয় যে, চিকিৎসক- স্বাস্থ্যকৰ্মীসকলৰ বাবে ইতিমধ্যে ৯ হাজাৰ পিপিই, ৮০ হাজাৰ এন – ৯৫ মাস্ক, ৮ লাখ থ্ৰী লেয়াৰ মাস্ক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মোকলাই দিয়া হৈছে । তেওঁ লগতে কয় যে, ক’ভিড – ১৯ ত আক্ৰান্ত এজন ৰোগী সুস্থ হৈ উঠাৰ পাচত সেই লোকজন সম্পূৰ্ণৰূপে সাধাৰণ মানুহৰ দৰে চলাচল কৰিব পাৰে । আনকি তেওঁৰ শৰীৰত বীজাণু প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায় । সেয়ে এবাৰ সুস্থ হৈ উঠাৰ পিচত সেই ৰোগীক লৈ কোনো শংকাৰ কাৰণ নাথাকে ।