আৰক্ষীৰ চকুত ধূলি দি কলকাতাৰ পৰা বিশ্বনাথত গোপনে উপস্থিত ক’ৰোনা আক্রান্ত
নিয়মীয়া বাৰ্তা, ১৮ মেঃ উত্তৰ অসমৰ বিশ্বনাথ জিলালৈ সংক্রমণ ঘটিল মাৰাত্মক ক’ৰোনা ভাইৰাছৰ৷ জিলাখনৰ বালিজুৰিৰ সমীপৰ ২নং পাখৰিগুৰি গাঁৱৰ টকো গয়াৰী নামৰ ৬০ বছৰীয়া এজন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্র আতংক৷ ইয়াৰ মাজতে গয়াৰীৰ ভ্রমণ বৃত্তান্তই হতচকিত কৰি তুলিছে সাধাৰণ ৰাইজক৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক নির্দিষ্ট নিয়ম–কানুনৰ মাজেৰে ৰাজ্যত প্রৱেশৰ কৰা ব্যৱস্থাক একপ্রকাৰ ভেঙুচালি কৰি সংগোপনে নিজৰ বাসগৃহত উপস্থিত হৈছিল এইজন ক’ৰোনা আক্রান্ত লোক৷ আৰক্ষী–প্রশাসনৰ চকুত ধূলি দি ৰাজ্য চৰকাৰে নির্দিষ্ট কৰি দিয়া কোৱাৰেণ্টাইন চেণ্টাৰত স্বাস্থ্য পৰীক্ষা তথা নাম পঞ্জীয়ন নকৰাকৈয়ে কলকাতাৰ পৰা পাখৰিগুৰিৰ বাসগৃহত উপস্থিত হৈছিল টকো গয়াৰী৷ এনেদৰে অতি অসাৱধানভাৱে দীঘলীয়া যাত্রা কৰাৰ বাবে বহু লোকৰ সংস্পর্শলৈ আহিছিল এইজন ক’ৰোনা আক্রান্ত৷ যাৰ বাবে আগন্তুক সময়ত আন একাংশ ব্যক্তিও ক’ৰোনাত আক্রান্ত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷
প্রাপ্ত তথ্য অনুসৰি, পশ্চিমবংগৰ হাওৰাৰ কৃষ্ণনগৰ নামৰ অঞ্চলৰ এখন হোটেলত কর্মৰত আছিল গয়াৰী৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে ঘোষণা কৰা ৰাষ্ট্রজোৰা লকডাউনত আবদ্ধ হৈ পৰিছিল গয়াৰী৷ ক্রমান্বয়ে লকডাউন দীঘলীয়া হোৱাৰ পৰিপ্রেক্ষিতত ঘৰলৈ উভতি আহিবলৈ তেওঁ একপ্রকাৰ অস্থিৰ হৈ পৰিছিল৷ কিন্তু ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ হৈ থকাৰ বাবে ঘৰলৈ ওভতাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছিল৷ যাৰ বাবে শেহতীয়াকৈ পশ্চিমবংগৰ পৰা ঘৰ অভিমুখে যাত্রা আৰম্ভ কৰিছিল গয়াৰীয়ে৷ হাওৰাৰ পৰা মালদালৈ খোজকাঢ়ি আহিছিল ৬০ বছৰীয়া গয়াৰী৷ মালদাৰ পৰা এখন ভানেৰে আহি তেওঁ শ্রীৰামপুৰ পায়৷ এই ভানখনে তেওঁক শ্রীৰামপুৰ গেটৰ কিছু আগতেই নমাই দিয়ে৷ এই স্থানৰ পৰা তেওঁ পুনৰ খোজকাঢ়ি শ্রীৰামপুৰ গেটত উপস্থিত হয়৷ ইয়াৰ পৰা তেওঁ আৰক্ষী–প্রশাসনৰ চকুত ধূলি দি এখন ট্রাকত উঠি পায় গুৱাহাটী মহানগৰী৷ গুৱাহাটীৰ পৰা যোৱা ১৪ মে’ত এ এছ–২০–২০৪১ নম্বৰ বাছেৰে তেজপুৰ অভিমুখে ৰাওনা হয়৷ পুৱা ১০.১৫ মিনিটত গুৱাহাটীৰ পৰা যাত্রা কৰা বাছখনেৰে গৈ গয়াৰী দুপৰীয়া মিছন চাৰিআলিত উপস্থিত হয়৷ ইয়াৰ পৰা এখন টেম্পো ভাৰা কৰি তেওঁ পাখৰিগুৰিৰ বাসগৃহলৈ ৰাওনা হয়৷ জানিব পৰা মতে এ এছ–১২ বি–চি ৩৮৬২ নম্বৰৰ টেম্পোখনত চালক তেজপুৰৰ কেতেকীবাৰীৰ কৃষ্ণ বৰা আৰু পাতিয়া চুবুৰিৰ চবুজ আলীৰ লগতে আন দুজন যাত্রীও গয়াৰীৰ লগত গৈছিল৷ টেম্পোৰে গৈ বালিজুৰিত টকো গয়াৰীয়ে এখন দোকানৰ পৰা সামগ্রীও ক্রয় কৰিছিল৷ ইফালে, মিছন চাৰিআলিত আন এখন টেম্পোৰ চালক বিজয় নামৰ এজন যুৱকে গয়াৰীক সাবটি ধৰি নিজৰ টেম্পোৰে লৈ যাবলৈ চেষ্টা কৰিছিল৷ ইয়াৰ পিছত তেওঁ গৈ নিজৰ বাসগৃহত উপস্থিত হয়৷ আৰক্ষী–প্রশাসনে গম নোপোৱাকৈ উপস্থিত হোৱা গয়াৰী গাঁওখনত উপস্থিত হোৱাত স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি হয়৷ লগে লগে গাঁওখনৰ গাঁওৰক্ষী বাহিনীয়ে গয়াৰীৰ বিষয়ে ইটাখোলা আৰক্ষীক অৱগত কৰে৷
আৰক্ষীয়ে তাৎক্ষণিকভাৱে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে আহিবলৈ কয়৷ পিছদিনা গাঁওৰক্ষী বাহিনীৰ সম্পাদকে গয়াৰীক স্বাস্থ্য পৰীক্ষাৰ বাবে ইটাখোলাৰ নতুন স্বাস্থ্য কেন্দ্রলৈ লৈ যায়৷ কিন্তু স্বাস্থ্য কেন্দ্রটোৱে উন্নত চিকিৎসাৰ বাবে তেওঁক তেজপুৰস্থিত চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ ইয়াত তেওঁ ছোৱাবৰ নমুনা সংগ্রহ কৰি ঘৰত আছুতীয়াকৈ থকাৰ নির্দেশ দিয়ে৷ কালি ছোৱাবৰ পৰীক্ষাত তেওঁৰ ফলাফল পজিটিভ অহাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে ভর্তি কৰোৱা হয়৷ উল্লেখ্য যে গয়াৰীৰ শৰীৰত ক’ভিড–১৯ ধৰা পৰাৰ পিছতে তেওঁৰ সংস্পর্শলৈ অহা ব্যক্তিৰ চিনাক্তকৰণ কৰাৰ প্রক্রিয়া জিলা প্রশাসনে আৰম্ভ কৰে৷ ইতিমধ্যে টেম্পো চালকসকলৰ উপৰি তৰাজান কুমাৰগাঁৱৰ ৰিংকু কেওট নামৰ এজন লোকৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে৷ ইফালে, কৃষ্ণ বৰা নামৰ চালকজনৰ পত্নী, মাতৃ, কন্যাৰ লগতে চবুজ আলীৰ পিতৃ–মাতৃ, পত্নী, শিশু আৰু সম্পর্কীয় তিনিজন ব্যক্তিৰ ছোৱাব লোৱা হৈছে৷ গয়াৰীৰ সৈতে টেম্পোখনত একেলগে যাত্রা কৰা বীৰেন্দ্র নাথ গোস্বামী, বুলী বৰঠাকুৰ, টিংকু মালাকাৰ আৰু বৰঝাৰ গাঁৱৰ এঞ্জেল কুমাৰ নাথৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে৷ চবুজ আলী ভাৰাতীয়া হিচাপে থকা পৰিয়ালটোৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে৷ একেদৰে মিছন চাৰিআলিৰ প্রায় ডেৰকুৰি টেম্পো চালকৰ পৰিচয় সংগ্রহ কৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷
আনহাতে, গুৱাহাটীৰ পৰা তেওঁ যোৱা বাছখনত আন ৬গৰাকী যাত্রীৰো স্বাস্থ্য পৰীক্ষা কৰিছে প্রশাসনে৷ এই বাছখন ছেনিটাইজ কৰাৰ লগতে বাছৰ চালক ৰিতু দৈমাৰী আৰু জয়ন্ত কুমাৰ সিঙক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ লক্ষণীয়ভাৱে গয়াৰীয়ে যাত্রা কৰা টেম্পোখনে যোৱা দুদিন ধৰি তেজপুৰ চহৰৰ বিভিন্ন স্থানৰ যাত্রী কঢ়িওৱাৰ লগতে জামুগুৰিহাটৰ এখন দোকানলৈ সামগ্রী আৰু নগাঁৱৰ লংকালৈ যাত্রা কঢ়িয়াইছিল৷ সেয়েহে ক’ৰোনা আক্রান্ত এই ব্যক্তিজনৰ সংস্পর্শলৈ প্রত্যক্ষ অথবা পৰোক্ষভাৱে শোণিতপুৰ আৰু বিশ্বনাথৰ শতাধিক লোক অহাটো নিশ্চিত হৈ পৰিছে৷ ইফালে, গয়াৰীয়ে ঘৰলৈ আহি থকা অৱস্থাত ইটাখোলাৰ এখন হোটেলত মিঠাই ক্রয় কৰাৰ লগতে আন এখন দোকানৰ পৰা মাংস ক্রয় কৰিছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত আজি পুৱা বিশ্বনাথ আৰক্ষীয়ে ইটাখোলা ব্যৱসায়িক কেন্দ্রস্থলৰ মাত্র তিনিখন ফার্মাচীৰ বাদে সকলো দোকান বন্ধ কৰি দিয়ে৷
একেদৰে বন্ধ কৰি দিয়া হৈছে ডিক্রাই চাহ বাগিচা৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ প্রশাসনৰ সৈতে টকো গয়াৰীৰ গাঁওখনত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ প্রশাসনে গয়াৰীৰ পৰিয়ালৰ ৬জন সদস্যক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ লগতে উক্ত অঞ্চলটো ছীল কৰি দিয়ে৷ তেওঁ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা ইটাখোলা স্বাস্থ্য কেন্দ্রও সম্প্রতি বন্ধ কৰি দিয়া হৈছে৷ ইয়াত কর্মৰত চিকিৎসক–নার্ছসহ ১০ কর্মচাৰীৰ ছোৱাবৰ নমুনা পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা অসমত এক ভয়ানক পৰিস্থিতি সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে৷ যাৰ ফলত বহিঃৰাজ্যৰ পৰা ৰে’ল, বাছ অথবা ব্যক্তিগত বাহনেৰে অহা সকলো ব্যক্তিৰ নাম পঞ্জীয়ন কৰি সঠিকভাৱে কোৱাৰেণ্টাইন আৰু নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে শ্রীৰামপুৰ আৰু ছাগলীয়া গেটত নিয়োজিত কৰা হৈছে স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী প্রশাসনৰ লোক৷ বহিঃৰাজ্যৰ পৰা প্রৱেশ কৰা প্রতিগৰাকী ব্যক্তিৰ নাম পঞ্জীয়ন কৰাৰ পিছত এই দুয়োটা গেটৰ পৰাই সংশ্লিষ্ট ব্যক্তিজনৰ বাসগৃহৰ ঠিকনাৰ ভিত্তিত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয়৷ কিন্তু ইয়াৰ মাজতে কিদৰে টকো গয়াৰী শ্রীৰামপুৰত আৰক্ষী–প্রশাসনৰ অজ্ঞাতে অসমত প্রৱেশ কৰিবলৈ সক্ষম হ’ল, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷
যদিহে গয়াৰীৰ শ্রীৰামপুৰত পঞ্জীয়ন কৰা হ’লহেঁতেন, তেনেহ’লে তেওঁক সৰুসজাই অথবা তেজপুৰত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্রেৰণ কৰিব লাগিছিল সংশ্লিষ্ট আৰক্ষী–প্রশাসনে৷ এনে ব্যৱস্থা গ্রহণ নকৰাৰ বাবে সংগোপনে প্রৱেশ কৰা গয়াৰী প্রত্যক্ষভাৱে গৈ নিজৰ বাসগৃহত উপস্থিত হ’বলৈ সক্ষম হ’ল৷ ইয়াৰ লগে লগে শ্রীৰামপুৰ আৰু ছাগলীয়া গেটত নিয়োজিত আৰক্ষী–প্রশাসনৰ লোকসকলে নিজৰ কর্তব্যত অৱহেলা কৰিছে নেকি বুলিও উত্থাপন হৈছে প্রশ্ণ৷ তেওঁলোকে নিজৰ কর্তব্যত চৰম গাফিলতি কৰা বুলি উত্থাপিত হৈছে অভিযোগ৷ স্বাভাৱিকতেই ক’ত সুৰুঙা ৰৈ গ’ল, যাৰ বাবে সঠিক পঞ্জীয়ন নোহোৱাকৈ এজন ক’ভিড আক্রান্ত পশ্চিমবংগৰ পৰা বিশ্বনাথত উপস্থিত হ’ল বুলিও প্রশ্ণৰ উত্থাপন হৈছে সচেতন মহলত৷