আৰক্ষীৰ সাৱধানবাণী! বিনা কামত ওলাই নাহিব
নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ দেশত দিনক-দিনে বৃদ্ধি পাইছে ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা। অসমতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কিন্তু এনে সময়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আহ্বান। ঘৰতে থাকক সুৰক্ষিত থাকক। দেশজুৰি লক ডাউনৰ সময়সীমা ৩ মে’ পৰ্যন্ত বৃদ্ধি কৰা হ’ল, এসপ্তাহ অধিক সাৱধান হৈ থাকিবলৈ দেশবাসীক আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। এনে সময়তে অধিক কঠোৰ হৈছে আৰক্ষী। বিনা কামত ঘৰৰ পৰা কোনো লোককে ওলাই নাহিবলৈ আহ্বান। প্ৰথম পৰ্যায়ৰ লক ডাউনকতৈ অধিক কঠোৰ হ’ব আৰক্ষী। বিনা কামত ওলাই আহিলে গ্ৰেপ্তাৰ হ’ব পাৰে আপুনি অথবা জব্দ হ’ব পাৰে আপোনাৰ বাহন। গতিকে এবাৰ চিন্তা কৰক, দুবাৰ ভাবক আৰু ঘৰতেই থাকক।