নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী-স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰা লোকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা

জাগীৰোডৰ দুখন চিকিৎসালয় পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা ৩০ মাৰ্চঃ  দেওবাৰে জাগীৰোজৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু কাগজ কল চিকিৎসালয় পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ূষ হাজৰিকাই। সোণাপুৰ চিকিৎসালয় খন কেৱল ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ৰখাৰ বাবে আন আন ৰোগীসকলৰ চিকিৎসাৰ বাবে সাজু কৰা হৈছে জাগীৰোডৰ চিকিৎসালয় দুখন। আনহাতে কাগজ কল চিকিৎসালয় খনো প্ৰায় ৫০ জন ক’ৰোনাত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰা হৈছে। চিকিৎসালয় দুখনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লবলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী। ইফালে লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। পৰিদৰ্শনৰ সময়ত মায়ং ৰাজহ চক্ৰ বিষয়া সংমিত্ৰা বৰুৱাও উপস্থিত থাকে।

You might also like