নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান অইলৰ উত্তৰ গুৱাহাটীস্থ ৰন্ধন‌‌ গেছ বটলিং প্লান্টৰ প্ৰশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ  যি সময়ত সমগ্ৰ বিশ্ব ক’ৰোনা ভাইৰাছৰ প্ৰকোপত গৃহবন্দী, সেই সময়ত ইণ্ডিয়ান অইলৰ উত্তৰ গুৱাহাটীস্থ ৰন্ধন‌‌ গেছ বটলিং প্লান্টৰ ডেপুটি জেনেৰেল মেনেজাৰ পাৰ্থিৱ ধৰৰ নেতৃত্বত এটা নিষ্ঠাবান শ্ৰমিক-মেকানিক-চালকৰ দলে ৰাতিক দিন কৰি গেছ বটলিঙৰ জৰিয়তে ৰাইজে যাতে এই অপৰিহাৰ্য ইন্ধনবিধ লকডাউনৰ সময়চোৱাতো নিজৰ দুৱাৰদলিত পাব পাৰে সেইটো সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে। এনে শলাগিবলগীয়া পদক্ষেপ লোৱা ভাৰতৰ ভিতৰতে প্ৰথমটো বটলিং প্লান্ট হিচাপে পৰিগণিত হোৱা উত্তৰ গুৱাহাটীৰ এই বটলিং প্লান্টৰ সৈতে জড়িত প্ৰতিজন শ্ৰমিকৰ দায়িত্ব নিষ্ঠাৰ বাবে ৰাইজৰ লগতে কৰ্তৃপক্ষয়ো প্ৰশংসা কৰে । “কঠিন পৰিস্থিতি বেছি দিন নাথাকে, কিন্তু দৃঢ় ব্যক্তি বহু দিন টিকে” এই মূল মন্ত্ৰেৰে কৰ্মত নিমৰ্জ্জিত হৈ চৰকাৰৰ “প্ৰধান মন্ত্ৰী গৰীব কল্যাণ” প্ৰকল্পৰ মাধ্যমেৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৩২ লাখ ৰিফিল সুনিশ্চিত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ বিষয়াগৰাকী আৰু তেওঁৰ দল। মৰিগাঁৱৰ “এভ্ টাৎছ্” নামৰ কোম্পানীৰ নামত নিশা ১০ বজাত প্ৰথম খন ৰছিদ কাটি ইতিহাস ৰচনা কৰি উৎফুল্লিত হৈ পৰে বিক্ৰী বিভাগৰ ডেপুটি জেনেৰেল মেনেজাৰ মায়ঙ্ক পাত্ৰ ।

You might also like