ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্নত প্রিমিয়াৰ হ’ব ৰীমা দাসৰ ছবিৰ
নিয়মীয়া বাৰ্তা, ৮ জুলাই: ‘ভিলেজ ৰকষ্টার্ছ’ৰ জৰিয়তে বিশ্বজুৰি প্রশংসা বুটলিবলৈ সক্ষম হোৱা অসম কন্যা ৰীমা দাসৰ ছবি প্রদর্শিত হ’ব ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্ন (আই এফ এফ এম), ২০২১ত৷ বলীউডৰ তিনিগৰাকী যশস্বী ছবি নির্মাতা ক্রমে কবিৰ খান, ইমতিয়াজ আলী আৰু অনিৰৰ সৈতে ৰীমা দাসে নির্মাণ কৰিবলগীয়া ছবিৰ প্রিমিয়াৰ আই এফ এফ এমত অনুষ্ঠিত হ’ব৷
চাৰিওগৰাকী ছবি নির্মাতাই চাৰিটা সুকীয়া বিষয়ৰ ওপৰত চুটি ছবি নির্মাণ কৰিব৷ বর্ণ, অক্ষমতা, যৌনতা আৰু লিংগ এই চাৰিটা বিষয়ত চাৰিখন চুটি ছবি নির্মাণ কৰিব তেওঁলোকে৷ এই চুটি ছবিসমূহ পৰৱর্তী সময়ত ‘মাই মেলবর্ন’ শীর্ষকেৰে একেলগ কৰি ছবি মহোৎসৱখনত প্রদর্শন কৰা হ’ব৷ এই ছবিকেইখন নির্মাণৰ পূর্বে ছবি নির্মাতাসকলে অষ্ট্রেলিয়াৰ ভিক্টোৰিয়াৰ নির্বাচিত ছবি নির্মাতাৰ সৈতে কাম কৰিব৷ ইয়াৰ পাছত ছবিসমূহৰ দৃশ্যগ্রহণৰ কাম আৰম্ভ কৰিব তেওঁলোকে৷ প্রতিখন ছবিৰ বাবে নির্মাতাসকলক এটা নির্দিষ্ট বাজেট নির্ধাৰণ কৰি দিয়া হ’ব৷ চাৰিওগৰাকী নির্মাতাই প্রি–প্রডাকচনৰ অংশ হিচাপে ‘জুম’ এপৰ জৰিয়তে কর্মশালাত ভাগ ল’ব৷
ক’ৰোনা ভাইৰাছৰ বাবে বলৱৎ কৰা ভ্রমণ নিষেধাজ্ঞাসমূহ প্রত্যাহাৰ কৰিলেই তেওঁলোকে ছবিকেইখনৰ দৃশ্যগ্রহণৰ বাবে মেলবর্নলৈ ৰাওনা হ’ব৷ ইপিনে, খ্যাতনামা ছবি মহোৎসৱখনৰ পৰা আন্তর্জাতিক মঞ্চত এই স্বীকৃতি লাভ কৰি আনন্দিত হৈ পৰা অসম কন্যা ৰীমা দাসে কয় যে জনপ্রিয় সংস্কৃতিৰ মাজত চিন–মোকাম নোহোৱা হৈ পৰা প্রকৃত জীৱন্ত কাহিনী ছবিৰ মাধ্যমেৰে প্রকাশ কৰাত এই প্রকল্পই সহায় কৰিব৷
উল্লেখ্য যে ‘ভিলেজ ৰকষ্টার্ছ’ আৰু ‘বুলবুল কেন ছিং’ নামৰ ছবি দুখনৰ জৰিয়তে ৰীমা দাসে লাভ কৰিছে ৰাষ্ট্রীয় বঁটাৰ সন্মান৷ বিশেষকৈ ‘ভিলেজ ৰকষ্টার্ছ’ ছবিৰ বাবে ছবি নির্মাতাগৰাকীয়ে বিশ্বৰ চুকে–কোণে বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনকি এই ছবিখনে অস্কাৰৰ বাবে বিদেশী ভাষাৰ শিতানৰ ভাৰতৰ পৰা মনোনয়ন লাভ কৰে৷ তেওঁৰ ‘বুলবুল কেন ছিং’ নামৰ ছবিখনেও চলচ্চিত্র সমালোচকৰ উচ্চ প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷