নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উগ্রপন্থী সমস্যাৰে জর্জৰ হৈ থকা উত্তৰ–পূব এতিয়া আগবাঢ়িছে বিকাশৰ দিশে

বহনক্ষম উন্নয়ন দক্ষ সমাৰোহত ড’নাৰ মন্ত্রী জিতেন্দ্র সিং

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ প্রাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ–পূবৰ উন্নয়নৰ ক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰি অহা কেন্দ্রীয় চৰকাৰে এইবাৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰে একাধিক পদক্ষেপ লোৱাৰ দিশে আগবাঢ়িছে৷ এই উদ্দেশ্যে আজি গুৱাহাটীত ৮খন ৰাজ্যৰ অংশগ্রহণেৰে অনুষ্ঠিত হয় বহনক্ষম উন্নয়ন লক্ষ্য সমাৰোহ ২০২০৷ অসমকে ধৰি উত্তৰ–পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকল উপস্থিত থকা সমাৰোহত উত্তৰ–পূবৰ প্রতি কেন্দ্রীয় চৰকাৰৰ দায়িত্ব আৰু লক্ষ্যৰ কথা স্পষ্ট কৰে ড’নাৰ মন্ত্রী ড০ জিতেন্দ্র সিঙে৷ সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্রীজনে স্পষ্টকৈ উল্লেখ কৰে যে উত্তৰ–পূব এতিয়া সম্ভাৱনাৰ স্থল৷ উগ্রপন্থী সমস্যাৰে জর্জৰ হৈ থকা উত্তৰ–পূব এতিয়া বিকাশৰ দিশে আগবাঢ়িছে৷ দেশৰ যুৱশক্তিৰ লক্ষ্য স্থান হৈ পৰিছে উত্তৰ–পূব৷ পথ যোগাযোগ, ৰে’ল যোগাযোগ, বিমান যোগাযোগৰ ফলত এতিয়া উত্তৰ–পূব সকলো ক্ষেত্রতে অন্য ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰা হৈছে৷ এয়া সম্ভৱ হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ব্যক্তিগতভাৱে উত্তৰ–পূবৰ প্রতি দিয়া গুৰুত্বৰ বাবে৷ ইফালে, উত্তৰ–পূবৰ বাবে কেন্দ্রীয় চৰকাৰে এনএলচিপিআৰএফ আঁচনিৰ জৰিয়তে প্রদান কৰি অহা পুঁজিৰ ক্ষতিৰ বাবে আবণ্টন নকৰাৰ যি অভিযোগ উত্থাপিত হৈ আহিছে, এই অভিযোগ সন্দর্ভতো কেন্দ্রীয় মন্ত্রীগৰাকীয়ে স্পষ্ট কৰে যে এতিয়াৰে প্রতিটো মন্ত্রালয়ৰ ব্যয় নোহোৱা পুঁজি ড’নাৰ মন্ত্রালয়ক দিয়াৰ বাবে বিত্ত মন্ত্রালয়ক প্রস্তাৱ দিয়া হ’ব৷ উল্লেখ্য যে সহযোগিতা, মিত্রতা আৰু উন্নয়ন এই লক্ষ্যৰে নীতি আয়োগৰ উদ্যোগত আৰম্ভ হোৱা বহনক্ষম উন্নয়ন লক্ষ্য সমাৰোহত মুখ্যতঃ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ বাবে কেন্দ্রীয় চৰকাৰে আবণ্টন দিয়া পুঁজিৰ সদ্ব্যৱহাৰৰ দিশটো বিশেষভাৱে আলোচিত হয়৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই সমাৰোহৰ জৰিয়তে উত্তৰ–পূবক কেন্দ্রীয় চৰকাৰে বিশেষ মান্যতা প্রদান কৰিছে বুলি উল্লেখ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রশংসা কৰি মুখ্যমন্ত্রীয়ে মোদীৰ বাবে উত্তৰ–পূব এতিয়া জাগ্রত হৈছে বুলি উল্লেখ কৰে৷ উত্তৰ–পূব সম্ভাৱনা আৰু সম্পদৰে ভৰপূৰ বুলি উল্লেখ কৰি সোণোৱালে দক্ষিণ–পূব এছিয়া বজাৰ দখলৰ বাবে গুৱাহাটী হাব হ’ব বুলিও মন্তব্য কৰে৷ মুখ্যমন্ত্রী সোণোৱালে নীতি আয়োগৰ এক কার্যালয় গুৱাহাটীত স্থাপনৰ বাবেও আহ্বান জনায়৷ অনুষ্ঠানত ভাষণ দি মিজোৰামৰ মুখ্যমন্ত্রী জোৰাম থাংগাই কেন্দ্রীয় চৰকাৰক পুঁজিৰ ধন সঠিকভাৱে আবণ্টনৰ আহ্বান জনোৱাৰ লগতে এনএলচিপিআৰএফ আঁচনিৰ পুঁজি আবণ্টনৰ ক্ষেত্রত বৈষম্যৰ কথাও আঙুলিয়াই দিয়ে৷ তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে উত্তৰ–পূব উন্নয়ন পৰিষদক শক্তিশালী কৰাৰ বাবে নীতি আয়োগক আহ্বান জনায়৷ জোৰাম থাংগাই মিজোৰামে কৃষিৰ জৰিয়তে কিদৰে আত্মনির্ভৰশীল হ’বলৈ আগবাঢ়িছে, সেই বিষয়েও অৱগত কৰে৷ অনুষ্ঠানত অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেব আৰু ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাঙেও ভাষণ দিয়ে৷ ইয়াৰ পূর্বে আদৰণী ভাষণ দি অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ভিজন ডকুমেণ্টৰ জৰিয়তে কিদৰে ৰাজ্যৰ উন্নয়নৰ দিশত কাম কৰি আহিছে, এই সম্পর্কে বিস্তৃত বর্ণনা কৰাৰ লগতে ২০৩০ চনক লক্ষ্য কৰি চৰকাৰখনে বহনক্ষম উন্নয়নৰ লক্ষ্য আগত লৈছে বুলিও অৱগত কৰে৷ অসম তথা উত্তৰ–পূবৰ উন্নয়নত ড’নাৰ মন্ত্রী ড০ জিতেন্দ্র সিঙৰ অৰিহণাকো উল্লেখ কৰে৷ আজিৰ অনুষ্ঠানত নীতি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰ, চিই’ অমিতাভ কান্ত আদিৰ লগতে কেইবাজনো শীর্ষ বিষয়া আৰু উত্তৰ–পূবৰ ৰাজ্য চৰকাৰসমূহৰ শীর্ষ বিষয়া তথা প্রতিনিধিসকল উপস্থিত থাকে৷

You might also like