নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ মঙলবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত নিষিদ্ধ কৰা হৈছে শাৰীৰিক উপস্থিতি। ক’ৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য উচ্চতম ন্যায়ালয়ে নিষিদ্ধ কৰিছে উপস্থিতি । গোচৰীয়া আৰু অভিযুক্তপক্ষ উপস্থিত থাকিব নালাগে আদালত চৌহদত ।
ইফালে, ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে অধিবক্তাসকলৰ কক্ষসমূহো চেনিটাইজ কৰাৰ নিৰ্দেশ দিছে মুখ্য ন্যায়াধীশে । ইতিমধ্যে ক’ৰোনাৰ ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশজুৰি ঘোষণা কৰিছে লকডাউন ।
উল্লেখ্য যে,সোমবাৰৰ পৰা অসমত আন্তঃৰাজ্যিক পৰিবহণ সেৱা ৩১ মাৰ্চ পৰ্যন্ত বন্ধ থকাৰ সময়তে মঙলবাৰে বিয়লি ৬ বজাৰ পৰা লকডাউন ঘোষণা কৰা হৈছে সম্পূৰ্ণ ৰাজ্য । লকডাউনৰ সময়ছোৱাত জৰুৰীকালীন সেৱা সমূহৰ লগতে গেলামাল, ঔষধালয় আৰু পেট্ৰল পাম্প খোলা ৰখাৰ কথাও উল্লেখ কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।