নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে এতিয়া দেশত লকডাউন চলি আছে । সকলো বন্ধ হৈ পৰাত বহুলোক খাদ্য সংকটত ভুগিছে । বৃহত্তৰ গৌৰীপুৰ অঞ্চলৰ আৰ্থিক ভাৱে দুৰ্বল ১০০ টা পৰিয়ালক সাহায্য হিচাপে খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । এই পৰিয়ালসমূহৰ উপৰিও কিছুসংখ্যক ভাৰাতীয়া লোককো সাহায্য প্ৰদান কৰা হয় । উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ উদ্যােগত এই সাহায্য বিতৰণ কৰা হয় । উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ বিষয়া অশোক সিনহা উদ্যোগত আৰু গৌৰীপুৰ অঞ্চলৰ বিশিষ্টা মহিলা সমাজ কৰ্মী মুন দাসৰ উপস্থিতত গৌৰীপুৰৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালসমূহক সাহায্য বিতৰণ কৰা হয় । বিগত সময়চোৱাত মুন দাসে অঞ্চলটোৰ আৰ্থিক অনাটনত ভোগা ব্যক্তিসকলৰ বাবে বিভিন্ন সংস্থাৰ লগত যোগাযোগ কৰি সাহায্য বিতৰণৰ ব্যৱস্থা কৰিছে । আৰক্ষী বিষয়া অশোক সিনহাই এনে সাহাৰ্য্য বিতৰণ জৰিয়তে ৰাইজক সকাহ দিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হ’ব বুলি জানিবলৈ দিছে ।
দেশৰ সাম্প্ৰতিক পৰিৱেশ আাৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ব্যক্তিয়ে দুখীয়া লোকক সহায় কৰি আহিছে। সেইমৰ্মে উত্তৰ গুৱাহাটী মনিকৰ্ণেশ্বৰৰ স্থানীয় যুৱক মৃণাল ভূঞাই মনিকৰ্ণেশ্বৰ গাঁৱৰ ৫০ টা দৰিদ্ৰ পৰিয়ালক তেওঁৰ পিতৃৰ সোঁৱৰণত ৫০০(পাঁচশ) টকাকৈ এককালীন সাহাৰ্য্য আগবঢ়ায় । চাকৰিয়াল আৰু পেঞ্চন প্ৰাপ্ত ব্যক্তিৰ বাদে আৰ্থিক ভাবে পিছ পৰা ব্যক্তিসকলক তেখেতে নিজ ঘৰতে আজি দিনৰ ১১বজাত এই সাহায্য প্ৰদান কৰে । এনেদৰে উত্তৰ গুৱাহাটী আমিনগাঁও আৰু গৌৰীপুৰত বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে আৰ্তজনৰ কাষত বিপদৰ সময়ত মানবীয়তা প্ৰদৰ্শন কৰিছে ।