নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নমূলক কামত কেতিয়াও আপোচ কৰা নহ’বঃ ৰূপক শর্মা

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ৰাইজৰ ভালৰ কাৰণে কৰিবলগীয়া কোনো ধৰণৰ উন্নয়নমূলক কামতেই আপোচ কৰা নহ’ব৷ ৰাইজৰ আশাবোৰ, হেঁপাহবোৰক সঁজাল ৰূপ দিবলৈ আমি বদ্ধপৰিকৰ৷ ইয়াত ব্যক্তিগত লাভ–লোকচানৰ কথা আহিবই নোৱাৰে৷’ যোৱা ২৪ ফেব্রুৱাৰীত নগাঁও জিলাৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই ২০১৭–১৮ বর্ষৰ ৰাজ্যিক নিজা অগ্রাধিকাৰৰ অধীনত (এছ অ’ পি ডি) বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ নৱনির্মীত কার্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰি এইদৰে মন্তব্য কৰে৷ বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত নগাঁও জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দেৱাশিস বৈশ্যই বক্তব্য আগবঢ়ায়৷ ৩৭,৫০,০০০.০০ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া কার্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত জিলা পৰিষদৰ সদস্য কাঞ্চন বৰদলৈ, তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ, খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভাপতি দীপাঞ্জলি কোঁৱৰ, বিজেপিৰ পাখিমৰীয়া মণ্ডলৰ সভাপতি নৰেন দাসৰ উপৰি খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি চক্রৱর্তী, কনিষ্ঠ অভিযন্তা অচিন্ত্য বৰা, বিশিষ্ট সমাজকর্মী, শিল্পী গম্ভীৰ নাথ, বেবেজীয়া ভোগেশ্বৰ হাজৰিকা আদর্শ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ উপেন বৰা, প্রাঞ্জল বৰদলৈ উপস্থিত থাকে৷

You might also like