নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋণৰ বোজা–স্বামী গৃহৰ নির্যাতন : তেজপুৰত চিপ লৈ মহিলাৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ তেজপুৰৰ লালমটি আৰক্ষী চকীৰ অন্তর্গত বামপর্বতীয়া পহুমৰা চুবুৰিত মঙলবাৰে পুৱা নিজ বাসগৃহতে এগৰাকী বোৱাৰী চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পহুমৰা নিৱাসী তথা ব্যৱসায়ী প্রদীপ শর্মাৰ পত্নী ডলী দেৱীয়ে (৩০) পুৱাৰ ভাগত জা–জলপান আৰু স্কুলীয়া সন্তানটিৰ বাবে টিফিন প্রস্তুত কৰি স্কুল অভিমুখী স্বামী আৰু সাত বছৰীয়া পুত্রক চোতাললৈকে বিদায় দিয়া দি ঘৰত সোমায় ৷ ইপিনে স্বামী প্রদীপ শর্মাই সন্তানটিক স্কুলত ৰাখি ঘৰলৈ ঘূৰি আহি পত্নী ডলীক মাত দিয়ে যদিও কোনো উত্তৰ নাপাই শোৱনি কোঠাৰ দুৱাৰৰ পর্দা মেলোঁতেই পত্নীক চিলিং ফেনত চিপ লৈ থকা অৱস্থাত প্রত্যক্ষ কৰে ৷ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰোৱাৰ পিছত স্বামীৰ পৰিয়ালক চমজাই দিয়ে ৷ ডলী দেৱীৰ পৰিয়ালে ঘটনা সন্দর্ভত আৰক্ষীক এখন এজাহাৰ দাখিল কৰে ৷ দাখিল কৰা এজাহাৰ অনুসৰি জামুগুৰি ৰঙাচকুৱাৰ পৰা ২০১২ চনত সামাজিকভাৱে ডলীক বিবাহ কৰি অনাৰ পিছতেই স্বামী প্রদীপ শর্মাৰ পৰিয়ালবর্গই বিভিন্ন নির্যাতন চলাই আহিছিল ৷ এই নির্যাতনৰ ফলত ডলী দেৱী মানসিকভাৱে ক্রমান্বয়ে ভাঙি পৰিছিল বুলি উল্লেখ কৰা এজাহাৰখনত ৩০ বছৰীয়া মহিলাগৰাকীক স্বামীৰ পৰিয়ালেই হত্যা কৰা বুলি সন্দেহ কৰিছে ৷ আনহাতে, বিগত সময়ছোৱাত ডলী দেৱীয়ে বিভিন্ন সঞ্চয় গোটৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈছিল যদিও সেয়া সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবে মঙলবাৰে এনে চৰম পন্থা গ্রহণ কৰে বুলি সন্দেহ প্রকাশ কৰিছে স্থানীয় পহুমৰা চুবুৰিৰ একাংশ লোকে ৷ উল্লেখ্য যে আত্মহত্যাৰ পূর্বে ডলী দেৱীয়ে এখন চুইছাইড নোটো লিখি থৈ গৈছে ৷ নিজৰ কর্মফলৰ কাৰণেই আত্মহননৰ দৰে চৰম পন্থা বাছি ল’বলগীয়া হ’ল বুলি উল্লেখ কৰা ছুইছাইড নোটখনত ইয়াৰ বাবে কোনো জগৰীয়া নহয় আৰু একমাত্র পুত্র সন্তানটোক চাবলৈও পৰিয়ালবর্গক অনুৰোধ জনোৱা ঘটনাই স্বাভাৱিকভাৱে এয়া আত্মহত্যাৰ ঘটনা বুলিয়েই ধৰণা কৰা হৈছে ৷

You might also like