এখন বাছক লৈ আনন্দত আত্মহাৰা গোলাঘাটৰ সৰুপানীবাসী
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ এক বিশেষ আনন্দ দিছে অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ এক ভিতৰুৱা অঞ্চলত । কাৰণ স্বাধীনতাৰ বাসত্তৰ বছৰ পৰ্যন্ত সমাধান নোহোৱা এক বিশেষ সমস্যা সমাধান হ’ল সোমবাৰে পুৱা। অসম ৰাজ্যিক পৰিবহন নিগমৰ এখন ৰঙা বাছৰ সেৱা পোনপ্ৰথম বাৰৰ বাবে মুকলি হোৱা বাবে এক প্ৰকাৰৰ আনন্দত আত্মহাৰা হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই সোমবাৰে পুৱা সৰুপানীৰ পৰা গোলাঘাট সদৰলৈ আৰম্ভ হৈছে পৰিবহন নিগমৰ নিয়মীয়া বাছসেৱা । দশক দশক ধৰি পৰিবহন ব্যৱস্থাৰ নামত জীয়াতু ভুগি অহা অঞ্চলবাসীৰ বাবে এই নতুন বাছসেৱাই কঢ়িয়াই আনিছে আশাৰ বতৰা । স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ব্যৱসায় বানিজ্য কৰা লোকসকলৰ বাবে সৰ্বমুঠ পঞ্চাশ কিল’মিটাৰ অতিক্ৰম কৰি গোলাঘাট সদৰলৈ যোৱাটো এতিয়া সহজসাধ্য হৈ পৰিব । যাৰবাবে যেন এতিয়া উচাহৰ অন্ত নাই অঞ্চলবাসীৰ মাজত । মুকলি অনুষ্ঠানত পৰিবহন নিগমৰ গোলাঘাটৰ অধিক্ষকজনৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।