নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনবিএফৰ নতুন অধ্যক্ষ নিৰ্বাচিত অৰ্ণৱ গোস্বামী

ব্ৰডকাষ্টিং উদ্যোগক শক্তিশালী কৰাৰ বৃহৎ পদক্ষেপঃৰিণিকি ভূঞা শৰ্মা

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ দেশৰ ২৫খন ৰাজ্যৰ আৰু ১৪টা ভাষাৰ ব্রডকাষ্টাৰক প্রতিনিধিত্ব কৰা ৭৮টাৰো অধিক নিউজ চেনেলৰে গঠিত ‘নিউজ ব্রডকাষ্টাৰ ফেডাৰেচন’ (এন বি এফ)ৰ প্রথম বৈঠক অলপতে অনুষ্ঠিত হৈ যায়৷ নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকখনত ‘নিউজ ব্রডকাষ্টাৰ ফেডাৰেচন অথৰিটী’ গঠন সন্দর্ভত বিশদভাৱে আলোচনা কৰা হয়৷ এই বৈঠকখনত এন বি এফৰ পৰিচালনা সমিতিৰ নতুন অধ্যক্ষ হিচাপে ৰিপাব্লিক টিভিৰ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অর্ণৱ গোস্বামীক সর্বসন্মতিক্রমে নির্বাচিত কৰা হয়৷ বৈঠকখনত অংশগ্রহণ কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই কয়–‘আমাক সকলোকে সামৰি গ্রহণ কৰা এইটো হৈছে এটা উৎকৃষ্ট পদক্ষেপ৷ এন বি এফ ব্রডকাষ্টিং উদ্যোগক ঐক্যবদ্ধ কৰাৰ বাবে এয়া বৃহৎ পদক্ষেপ৷ এইক্ষেত্রত সম্পূর্ণ সহযোগিতাৰ আশ্বাস দিয়ে ভূঞা শর্মাই৷ পৰিচালন সমিতিৰ অধ্যক্ষ হিচাপে নির্বাচিত কৰা বাবে কৃতজ্ঞতা জ্ঞাপন কৰি অর্ণৱ গোস্বামীয়ে কয়–‘দেশৰ সর্ববৃহৎ ব্রডকাষ্টাৰৰ গ্রুপে মোৰ ওপৰত প্রদর্শন কৰা আস্থা আৰু বিশ্বাসৰ বাবে মই কৃতজ্ঞ৷ এন বি এফ গঠনৰ বাবে ইমানসংখ্যক চেনেলৰ স্বত্বাধিকাৰী আৰু শীর্ষ কার্যবাহীসকল একগোট হোৱাটো উৎসাহজনক৷’ উল্লেখ্য যে এন বি এফৰ প্রতিষ্ঠাপক সদস্যৰ তালিকাত আছে উত্তৰ–পূর্বাঞ্চলৰ সর্বশ্রেষ্ঠ আৰু সর্বাধিক জনপ্রিয় চেনেল নিউজ লাইভ৷ তদুপৰি উত্তৰ–পূর্বাঞ্চলৰ ভিতৰতে অন্যতম জনপ্রিয় চেনেল নর্থ–ইষ্ট লাইভো এন বি এফৰ প্রতিষ্ঠাপক সদস্য৷ লক্ষণীয় যে বৈঠকৰ পূর্বে এন বি এফৰ সদস্যসকলে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভৰেকাৰক সাক্ষাৎ কৰি স্মাৰক–পত্র প্রদান কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকয়ে এন বি এফ আৰু ইয়াৰ সদস্যসকলক এটা শক্তিশালী স্বয়ংক্রিয় নিয়ামক ব্যৱস্থাপনা গঠন কৰিবলৈ আহ্বান জনায়৷ এন বি এফে গঠন কৰিবলগীয়া স্বয়ংক্রিয় নিয়ামক সংস্থা অহা জানুৱাৰীৰ শেষৰ ভাগলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

You might also like