এশ কোটি টকাৰ আফিং খেতি উৎখাত
কৃষকক আয়ুর্বেদিক ঔষধ–ধনৰ প্রলোভনেৰে মাটি ভাৰাত লৈ বিহাৰৰ চক্রৰ খেতি
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ বিভিন্ন চৰৰ পিছত এইবাৰ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অসম–মেঘালয় সীমান্তৱর্তী পাইকৰকান্ধি–চৰ বেতবাৰী গাঁৱত অবৈধ আফিং খেতিৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে অভিযান চলাই প্রায় ১০০ কোটি টকাৰ আফিং খেতি উচ্ছেদ কৰে৷ উল্লেখ্য যে কিছুদিন পূর্বে দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ আৰু দক্ষিণ শালমাৰা থানা এলেকাৰ বন্ধিহানা আৰু চৰ ৰাভাটাৰী গাঁৱত আৰক্ষীয়ে অভিযান চলাই প্রায় ৪০ বিঘা ভূমিৰ আফিং খেতি উচ্ছেদ কৰাৰ পিছত সোমবাৰে পুৱা দক্ষিণ শালমাৰা–মানকাচৰ জিলা আৰক্ষী বিশেষ সূত্রৰ খবৰৰ ভিত্তিত উপস্থিত হয় জিলাখনৰ সুখচৰ থানা এলেকাৰ অসম–মেঘালয় সীমান্তৱর্তী চৰ বেতবাৰী আৰু পাইকৰকান্ধি গাঁৱত৷ গাঁও দুখনত আৰক্ষী, সেনা বাহিনী তথা বেটেলিয়নে এফালৰ পৰা ড্রেক্টৰেৰে আফিং খেতি নষ্ট কৰে৷ সোমবাৰে দিনটোৰ ভিতৰত প্রায় ১০০ বিঘা ভূমিৰ ১০০ কোটি টকাৰ আফিং খেতি আৰক্ষীয়ে ধ্বংস কৰে৷ জিলা আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা ভাৰপ্রাপ্ত অধীক্ষক বি জি কুলিগাম আৰু জিলা সহকাৰী আৰক্ষী অধীক্ষক আৰিফ আহমেদৰ নেতৃত্বত আৰক্ষী, সেনা বাহিনী তথা বেটেলিয়নৰ দল এটাই উপস্থিত হৈ এইদৰে অবৈধ আফিং খেতি নষ্ট কৰে৷ উল্লেখ্য যে জিলা আৰক্ষীৰ সহকাৰী অধীক্ষক আৰিফ আহমেদে কয় যে বিহাৰৰ পৰা এটা চক্রই স্থানীয় কৃষকসকলক কোটি কোটি টকাৰ প্রলোভন দি আফিং খেতি কৰিবলৈ মাটি ভাৰাত লৈ অবৈধ আফিং খেতি কৰি আহিছে৷ সাধাৰণ কৃষকসকলক বিহাৰৰ চক্রটোৱে আয়ুর্বেদিক ঔষধৰ খেতি বুলি মিছা কথা কৈ খেতি কৰিছিল৷ সোমবাৰে আৰক্ষীয়ে অভিযান চলাবলৈ যোৱাৰ পিছতহে ৰাইজে এই আফিং খেতিৰ বিষয়ে অৱগত হৈ হতভম্ব হৈ পৰে৷ জানিব পৰা মতে, ইতিমধ্যে ধুবুৰী আৰু দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ বিভিন্ন প্রান্তত বিহাৰৰ চক্রটোৱে এনে আফিং খেতি কৰি ড্রাকে ড্রাকে ফচল লৈ গৈছে৷ বাকী খেতিৰ ফচলখিনি লোৱাৰ পূর্বে আৰক্ষীয়ে আজি অভিযান চলাই নষ্ট কৰে৷ আৰক্ষীয়ে বিহাৰী চক্রটোক কৰায়ত্ত কৰাৰ বাবে অভিযান চলাই থকা বুলি আৰক্ষীৰ সহকাৰী অধীক্ষকজনে জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে এনে আফিং খেতি কৰা চক্রটোক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’বনে? এতিয়াও জিলা দুখনৰ বিভিন্ন প্রান্তত এনে আফিং খেতি থকা বুলি জানিব পৰা গৈছে৷ উক্ত খেতিৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যৱস্থা গ্রহণ কৰে, সেয়া পৰৱর্তী সময়ত লক্ষণীয় হ’ব৷