নিয়মীয়া বার্তা, ১ মেঃ দিল্লীত কর্তব্যৰত অৱস্থাত ক’ভিড–১৯ত আক্রান্ত ওদালগুৰি জিলাৰ ৰৌতাৰ ২নং ধনশ্রী ৰাণাগাঁৱৰ চিআৰপিএফ জোৱান ৰণবীৰ লিম্বু বর্তমান সুস্থ ৷ ফোনযোগে পৰিয়ালৰ সৈতে বার্তালাপ কৰি বর্তমান নিজৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ কথা সদৰী কৰাৰ লগতে এই বিষয়ত অনর্থক চিন্তা নকৰিবলৈ তেওঁ আহ্বান জনায় ৷ লগতে উৰাবাতৰিক কেন্দ্র কৰি আতংকিত নহ’বলৈও তেওঁ আহ্বান জনাইছে৷ ৰণবীৰ লিম্বুৱে টেলিফোনযোগে ‘নিয়মীয়া বার্তা’ৰ প্রতিবেদকৰ সৈতেও বার্তালাপ কৰে ৷ তেওঁ জানিবলৈ দিয়া মতে, ক’ৰোনাত আক্রান্ত চিআৰপিএফৰ ৩১নং বেটেলিয়নৰ কেইবাজনো জোৱানক মণ্ডোলি অঞ্চলৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে ৷ পূর্বে তেওঁলোকক উপযুক্ত চিকিৎসা তথা খাদ্য প্রদান কৰা নাছিল যদিও পৰৱর্তী সময়ত বিষয়টো সংশ্লিষ্ট বিষয়াক অৱগত কৰাত বর্তমান উপযুক্ত চিকিৎসা আৰু খাদ্য প্রদান কৰি থকা হৈছে৷ ইফালে, জোৱানজনৰ পত্নীয়ে স্বামী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ খবৰ বর্তমানপর্যন্ত চিআৰপিএফৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অৱগত নকৰাৰ অভিযোগ তুলি তেওঁৰ চিকিৎসা সুনিশ্চিত কৰিবলৈ কেন্দ্র–ৰাজ্য উভয় চৰকাৰক দাবী জনাইছে ৷